Your Mic Your Voice

পেট্ৰ’লত অতিৰিক্ত ইথানল: কৰ্ণাটকত উচ্চ মাত্ৰা ধৰা পৰাৰ পাছত কেৰালাত পাম্পত আকস্মিক পৰীক্ষা আৰম্ভ

0

কৰ্ণাটকত পেট্ৰ’লত নিৰ্ধাৰিত মাত্ৰাতকৈ অধিক ইথানল মিহলি হোৱা ধৰা পৰাৰ পাছত এতিয়া কেৰালা চৰকাৰো সতৰ্ক হৈ পৰিছে। ৰাজ্যখনত পেট্ৰ’ল পাম্পসমূহত আকস্মিক পৰীক্ষা আৰম্ভ কৰিছে কেৰালাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে।

কৰ্ণাটকত কৰা পৰীক্ষাত কিছুমান নমুনাত ২০ শতাংশতকৈও অধিক ইথানল পোৱা গৈছিল। চৰকাৰী নিয়ম অনুসৰি পেট্ৰ’লত সৰ্বাধিক ২০ শতাংশ ইথানলহে মিহলাব পাৰি। ইয়াতকৈ বেছি হ’লে বাহনৰ ইঞ্জিনৰ ক্ষতি হোৱাৰ লগতে মাইলেজ কমি যোৱাৰ আশংকা থাকে।

এই পৰিপ্ৰেক্ষিতত কেৰালাত বিভিন্ন জিলাৰ পেট্ৰ’ল পাম্পৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ পঠিওৱা হৈছে।

unimex

বিভাগীয় সূত্ৰ অনুসৰি, প্ৰথম পৰ্যায়ত ৰাজ্যৰ প্ৰধান চহৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পাম্পসমূহত পৰীক্ষা চলোৱা হৈছে। অনিয়ম ধৰা পৰিলে পাম্পৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়া হৈছে।

আনহাতে, বাহন মালিকসকলেও পেট্ৰ’লত অতিৰিক্ত ইথানলৰ বাবে ইঞ্জিনত সমস্যা, ষ্টাৰ্ট লোৱাত অসুবিধা আৰু মাইলেজ কমাৰ অভিযোগ উত্থাপন কৰি আহিছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে E20 পেট্ৰ’লৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু নিয়মতকৈ বেছি ইথানল মিহলোৱাটো সম্পূৰ্ণৰূপে বেআইনী।

এতিয়া কেৰালাৰ পৰীক্ষাৰ ফলাফললৈ সকলোৱে অপেক্ষা কৰি আছে।

Leave A Reply

Your email address will not be published.

Translate »