Your Mic Your Voice

ইৰাণৰ স্থলপথো বন্ধ কৰিবলৈ আমেৰিকাৰ নতুন টাস্ক ফ’ৰ্চ, ‘আইৰন গেট’ গঠন

0

সাগৰীয় অৱৰোধৰ পাছত এতিয়া ইৰাণৰ স্থলপথো বন্ধ কৰিবলৈ ওলাইছে আমেৰিকা। ইৰাণলৈ স্থলপথেৰে অস্ত্ৰ আৰু নিষিদ্ধ সামগ্ৰী সৰবৰাহ বন্ধ কৰিবলৈ আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) গঠন কৰিলে নতুন টাস্ক ফ’ৰ্চ – ‘টাস্ক ফ’ৰ্চ আইৰন গেট’।

শনিবাৰে CENTCOM-এ ঘোষণা কৰে যে, এই টাস্ক ফ’ৰ্চে ইৰাণক স্থলপথ ব্যৱহাৰ কৰি উন্নত অস্ত্ৰ আৰু অন্যান্য সামগ্ৰী পৰিবহণ কৰাত বাধা দিব।

CENTCOM-ৰ মুৰব্বী এডমিৰেল ব্ৰেড কুপাৰে কয়, “আইৰন গেটৰ গঠনে সাগৰত ইৰাণৰ বিৰুদ্ধে চলি থকা আমাৰ লৌহ অৱৰোধৰ সফলতাক আৰু শক্তিশালী কৰিব।”

কি কৰিব এই টাস্ক ফ’ৰ্চে?

unimex
  • প্ৰায় ২০ জনীয়া অসামৰিক আৰু সামৰিক কৰ্মীৰে গঠিত এই দলটো ফ্ল’ৰিডাৰ টেম্পাত থাকিব
  • ইৰাণৰ স্থল সীমান্ত আৰু কাস্পিয়ান সাগৰেৰে উন্নত অস্ত্ৰ, দুমুখীয়া প্ৰযুক্তি (Dual-use technology), নিষেধাজ্ঞা আৰোপিত সামগ্ৰী আৰু অবৈধ ধনৰ চলাচল ৰোধ কৰিব
  • আমেৰিকাৰ অন্যান্য চৰকাৰী সংস্থাৰ সৈতে সমন্বয় ৰাখি কাম কৰিব

কুপাৰে লগতে কয়, এই পদক্ষেপে ইৰাণৰ সন্ত্ৰাসবাদত বিত্তীয় সাহায্য, অস্ত্ৰ কাৰখানা পুনৰ নিৰ্মাণ আৰু সেনাবাহিনীক পুনৰ সজ্জিত কৰাৰ ক্ষমতাক আৰু অধিক সংকুচিত কৰিব।

উল্লেখ্য যে, যোৱা ৮ মাহ ধৰি চলি থকা যুদ্ধৰ মাজত আমেৰিকাই ইৰাণৰ বন্দৰসমূহত নৌ-অৱৰোধ চলাই আছে। ইফালে তেহৰাণেও হৰমুজ প্ৰণালীত যাতায়াতত বাধা দি বিশ্বৰ শক্তি যোগানত সংকট সৃষ্টি কৰিছে। CENTCOM-ৰ দাবী, এই অৱৰোধৰ ফলত যোৱা কেইমাহত ইৰাণে ২৫ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ খাৰুৱা তেল ৰপ্তানি কৰিব পৰা নাই।

আনহাতে ইৰাণৰ ইছলামিক ৰিভল্যুচনাৰী গাৰ্ড কৰ্পছে (IRGC) কৈছে, ৱাশ্বিংটনৰ এই নতুন চেষ্টা “বিফল হ’ব” আৰু ইয়ে ইছলামিক গণৰাজ্যত অৰ্থনৈতিক পতন আনিব নোৱাৰে।

Leave A Reply

Your email address will not be published.

Translate »