ডিমাকুছিত বিদ্যালয়তো ৰেহাই নাই চোৰৰ! তলা ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী লুট
ডিমাকুছিত চোৰৰ উপদ্ৰৱে এতিয়া চৰম সীমা পাইছেগৈ। দিনৰ পোহৰতে বাইক, গৰু, মোবাইল চুৰি হোৱাৰ পিছত এতিয়া নিশাৰ আন্ধাৰত বিদ্যালয়তো প্ৰৱেশ কৰিছে চোৰৰ দলে।
শুকুৰবাৰে নিশা ডিমাকুছিৰ শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড। চোৰৰ দলটোৱে প্ৰথমে বিদ্যালয়ৰ মূল গেটৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। তাৰ পিছত অধ্যক্ষৰ কাৰ্যালয়কে ধৰি কেইবাটাও কোঠাৰ দুৱাৰৰ তলা ভাঙি লুটপাত চলায়।
চোৰৰ দলটোৱে বিদ্যালয়খনৰ পৰা দুটাকৈ ইনভাৰ্টাৰৰ বেটাৰী, চিচিটিভিৰ মনিটৰকে ধৰি বহু মূল্যৱান সামগ্ৰী লৈ উধাও হয়। বিদ্যালয় কৰ্তৃপক্ষৰ মতে, চুৰি হোৱা সামগ্ৰীৰ মূল্য প্ৰায় লক্ষাধিক টকা।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ডিমাকুছি, আটাৰীখাট, বামুনজুলি, বৰঙ্গাজুলি আদি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত হৈ আহিছে।
কেইদিনমান পূৰ্বে সন্ধিয়াৰ ভাগতে এগৰাকী বৃদ্ধা মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া হৈছিল। আনকি আৰক্ষীৰ উপস্থিতি থকা ডিমাকুছিৰ মাজমজিয়াৰ পৰাই কেইবাখনো দুচকীয়া বাহন চুৰি হৈছে।
এনে ধাৰাবাহিক চুৰিকাণ্ডৰ ফলত অঞ্চলবাসীৰ মাজত তীব্ৰ উদ্বেগ আৰু আতংকৰ সৃষ্টি হৈছে। ৰাইজে শীঘ্ৰে নিশাৰ টহলদাৰী বৃদ্ধি কৰি চোৰৰ উপদ্ৰৱ ৰোধ কৰাৰ লগতে ঘটনাসমূহৰ উচিত তদন্তৰ দাবী জনাইছে।
এতিয়া প্ৰশ্ন হয়, ডিমাকুছিত এটাৰ পিছত এটাকৈ সংঘটিত হোৱা চুৰিকাণ্ড ৰোধ কৰিবলৈ আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব?