Your Mic Your Voice

উৎসৱৰ ভিৰৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ, ক’লে ৰেল মন্ত্ৰীয়ে

0

উৎসৱৰ ভিৰ চম্ভালিবলৈ সকলো ব্যৱস্থা কৰা হৈছে বুলি জানালে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

শনিবাৰে তেওঁ কয়, যোৱা বছৰৰ ১২,০০০ খনৰ বিপৰীতে এইবাৰ দুৰ্গা পূজা, দীপাৱলী আৰু ছটৰ বাবে প্ৰায় ১৮,০০০ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে ২ কোটিৰো অধিক যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।

unimex

২৮ টা গুৰুত্বপূৰ্ণ ষ্টেচনত ‘ৱাৰ ৰুম’ৰ জৰিয়তে ভিৰৰ ওপৰত লাইভ নজৰ ৰখা হৈছে। প্ৰায় ২০ টা ষ্টেচনত হ’ল্ডিং এৰিয়া, অতিৰিক্ত টিকট কাউণ্টাৰ আৰু ৭০০ টাতকৈ অধিক AI কেমেৰাৰ ব্যৱস্থা কৰা হৈছে।

নতুন দিল্লী ষ্টেচনত ৬ টা পৃথক গেটৰ পৰিৱৰ্তে এতিয়া এটা কমন হ’ল্ডিং এৰিয়া কৰা হৈছে। লাগেজ পৰীক্ষা ষ্টেচনৰ বাহিৰলৈ স্থানান্তৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »