Your Mic Your Voice

জুবিনৰ ন্যায় আন্দোলনত মুখা পিন্ধা নেতৃত্বক লৈ উঠিছে প্ৰশ্ন

0

শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ কেইবাটাও বিস্ফোৰক তথ্য ৰাজহুৱা কৰে।

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে চলি থকা একাংশৰ আন্দোলন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলিও অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, “মই কোৱা সকলো কথা উচ্চতম ন্যায়ালয়ে মানি ল’ব লাগিব বুলি কোনো কথা নাই। মোৰ কথা আৰক্ষীয়েহে শুনিব, ন্যায় ন্যায়ালয়েহে দিব, মই দিব নোৱাৰোঁ।”

সাক্ষীসকলে তেওঁৰ আৰু আৰক্ষীৰ আগত কোৱা কথাবোৰ ন্যায়ালয়ৰ আগত নক’বও পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

unimex

তেওঁ কয়, ১৬০ জন সাক্ষীয়ে আদালতৰ আগত গৈ অমৃতপ্ৰভাৰ নামেই লোৱা নাই। এই কথা প্ৰাঞ্জল দাসৰ ন্যায়ালয়ে উল্লেখ কৰিছে বুলিও তেওঁ জনায়।

“সাক্ষীসকলে ন্যায়ালয়ৰ আগত কথাবোৰ কিয় কোৱা নাই?” বুলিও প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত লগতে কয়, আন্দোলনৰ নেতৃত্ব লৈ থকা এজন সাক্ষীয়ে জুবিনৰ ভুল আছিল বুলি কৈছে। এই কথা মোক মহাধিবক্তাই জনাইছে বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক মন্তব্যৰ পাছতেই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৰে মনত প্ৰশ্ন উঠিছে, আন্দোলনৰ নেতৃত্ব লৈ থকা কোনজন ব্যক্তিয়ে সাক্ষী হিচাপে আদালতত এই তথ্য দিলে?

Leave A Reply

Your email address will not be published.

Translate »