জুবিনে অসমক ভাল পাইছিল, কোনেও জুবিনৰ অসমখনক অশান্ত নকৰিবঃ হিমন্ত বিশ্ব শৰ্মা
শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি অব্যাহত থকা আন্দোলন আৰু তাৰ সমান্তৰালভাৱে বিধায়ক অখিল গগৈয়ে দিয়া আন্দোলনৰ তীব্ৰ হুংকাৰৰ পিছতেই সমগ্ৰ বিষয়টোক লৈ সোচ্ছাৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।*
জুবিন গাৰ্গৰ নামত ৰাজ্যত অশান্তিকৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ কৰে। তেওঁ স্পষ্টকৈ কয়, জুবিনৰ নামত ৰাজনীতি কৰা অনুচিত।
প্ৰতিবাদত ৰাজপথত সৃষ্টি কৰা উত্তপ্ত পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ আদৰ্শ আৰু অসমপ্ৰেমৰ কথা মনত পেলাই দিয়ে। তেওঁ কয় –
“জুবিন গাৰ্গে সদায় অসম আৰু অসমীয়াক অকৃত্ৰিমভাৱে ভাল পাইছিল। তেওঁৰ অন্তৰত কেৱল অসমৰ প্ৰতি প্ৰেম আছিল। তেওঁৰ গান, তেওঁৰ কথা, তেওঁৰ জীৱন – সকলোতে কেৱল অসমেই আছিল। তেওঁ কেতিয়াও অসমক অশান্ত হোৱাটো নিবিচাৰিছিল। গতিকে জুবিনৰ নাম লৈ কোনেও জুবিনৰ এই মৰমৰ অসমখনক অশান্ত নকৰিব।”

জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্নত বিধায়ক অখিল গগৈয়ে ধাৰাবাহিক আন্দোলন আৰু ৰাজপথ উত্তাল কৰাৰ যি হুংকাৰ দিছিল, তাক লৈ তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে।
লগতে মুখ্যমন্ত্ৰীয়ে কয় যে – ন্যায়িক প্ৰক্ৰিয়া আইন আৰু আদালতৰ জৰিয়তেহে পৰিচালিত হয়, ৰাজপথৰ আন্দোলনে আদালতৰ বিচাৰ প্ৰক্ৰিয়াক সলনি কৰিব নোৱাৰে। ধাৰাবাহিক প্ৰতিবাদ আৰু হুংকাৰেৰে অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলে ৰাজ্যত কেৱল বিশৃংখল আৰু ৰাজনৈতিক উদ্দেশ্যহে সিদ্ধি কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে। জুবিনৰ ন্যায়ৰ বাবে চৰকাৰে সকলো কৰি আছে বুলিও তেওঁ উল্লেখ কৰে।
ৰাজ্যত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক শান্ত হৈ থাকিবলৈ আৰু আইনী ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়।
আবেগ আৰু উত্তেজনাৰ বশবৰ্তী হৈ ৰাজ্যৰ স্বাভাৱিক জনজীৱন ব্যাহত কৰা কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ চৰকাৰৰ তৰফৰ পৰা পুনৰ স্পষ্ট কৰি দিয়া হয়। সকলোৱে ধৈৰ্য ধৰি আইনক নিজৰ কাম কৰিবলৈ দিব লাগে।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সৃষ্টি হোৱা এই সংঘাত আৰু মুখ্যমন্ত্ৰী-অখিল গগৈৰ বাকযুদ্ধই ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপট অধিক উত্তপ্ত কৰি তুলিছে।