OBC ক্ৰিমী লেয়াৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ স্পষ্টীকৰণ
উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে, ৬ নৱেম্বৰ ২০২৬ তাৰিখে স্পষ্ট কৰি দিছে যে OBC ক্ৰিমী লেয়াৰ নীতি সন্দৰ্ভত ১১ মাৰ্চ ২০২৬ তাৰিখে দিয়া ৰায়টো পূৰ্ববৰ্তীভাৱে অৰ্থাৎ Retrospective ভাৱে প্ৰযোজ্য নহ’ব।
মাৰ্চৰ ৰায়ত কি আছিল?
১১ মাৰ্চ ২০২৬ তাৰিখে Union of India vs Rohith Nathan গোচৰত ন্যায়ালয়ে কৈছিল যে, OBC প্ৰাৰ্থী এজন ক্ৰিমী লেয়াৰৰ অন্তৰ্গত নে নহয়, সেইটো কেৱল মাক-দেউতাকৰ দৰমহাৰ ভিত্তিত নিৰ্ণয় কৰিব নোৱাৰি।
১৯৯৩ চনৰ Office Memorandum অনুসৰি, মাক-দেউতাকে কৰা চাকৰিৰ পদৰ শ্ৰেণী আৰু স্থিতিও চাব লাগিব। দৰমহা আৰু কৃষিৰ পৰা অহা আয়ক Income / Wealth Test ৰ পৰা বাদ দিব লাগিব।
২০০৪ চনৰ এটা স্পষ্টীকৰণ পত্ৰই PSU, বেংক, বিশ্ববিদ্যালয় বা ব্যক্তিগত খণ্ডত কাম কৰা মাক-দেউতাকৰ দৰমহাকো ধৰিছিল। ন্যায়ালয়ে কৈছিল, এই ২০০৪ৰ পত্ৰই ১৯৯৩ৰ মূল নীতিক সলনি কৰিব নোৱাৰে। একে শ্ৰেণীৰ OBC প্ৰাৰ্থীৰ মাজত এনেকৈ ভেদভাৱ কৰাটো সংবিধানৰ ১৪ আৰু ১৬ অনুচ্ছেদৰ বিৰুদ্ধে।
কিয় স্পষ্টীকৰণ বিচাৰিছিল কেন্দ্ৰই?
কেন্দ্ৰীয় চৰকাৰে কৈছিল, যদি এই ৰায় পূৰ্বৰ পৰা প্ৰযোজ্য কৰা হয়, তেন্তে নিযুক্তি, চাৰ্ভিচ এলোকেচন, কেডাৰ এলোকেচন, জ্যেষ্ঠতা, নামভৰ্তি আদি সকলোতে প্ৰভাৱ পৰিব। ২০১৬ ৰ পৰা ২০২৫ লৈকে ৫.৬৯ লাখতকৈ অধিক সংৰক্ষিত পদ পূৰণ হৈছে। সেইবোৰ আকৌ খুলি চাব লাগিলে সম্পূৰ্ণ প্ৰশাসনিক বিশৃংখলতা হ’ব।

বিশেষকৈ UPSC CSE 2025 ৰ ক্ষেত্ৰত সমস্যা আছিল। CSE 2025 ৰ চূড়ান্ত ফলাফল ৬ মাৰ্চত ঘোষণা হৈছিল, তাৰ ৫ দিন পিছতহে ১১ মাৰ্চৰ ৰায় আহিছিল। ৯৫৮ জন প্ৰাৰ্থীৰ চাৰ্ভিচ এলোকেচন আৱদ্ধ হৈ আছিল।
চৰকাৰে ২ বছৰৰ সময় বিচাৰিছিল, যাতে পদৰ Equivalence ঠিক কৰিব পাৰে।
শুকুৰবাৰে ন্যায়ালয়ে কি ক’লে?
১. মাৰ্চৰ ৰায় কেৱল সেই গোচৰৰ পক্ষসমূহৰ বাবেহে প্ৰযোজ্য হ’ব।
২. অতীতৰ জ্যেষ্ঠতা আৰু পদোন্নতি পুনৰ খোলা নহ’ব।
৩. CSE 2025 বেচৰ চাৰ্ভিচ এলোকেচন মাৰ্চৰ ৰায় অনুসৰি হ’ব।
৪. বিচাৰাধীন গোচৰবোৰ সংশ্লিষ্ট আদালতে নিজৰ গুণাগুণ অনুসৰি নিষ্পত্তি কৰিব।
৫. ৰায় মানি চলিবলৈ চৰকাৰক ৮ সপ্তাহৰ অতিৰিক্ত সময় দিয়া হৈছে। কিন্তু ২ বছৰৰ সময়ৰ দাবী মানি লোৱা নহ’ল।
সাধাৰণ মানুহৰ বাবে ইয়াৰ অৰ্থ কি?
- আগতে যিসকলে OBC-NCL সুবিধাৰে চাকৰি বা নামভৰ্তি পাইছে, তেওঁলোকৰ সুবিধা বাতিল নহ’ব।
- যিসকলৰ নিযুক্তি ইতিমধ্যে হৈ গৈছে, তেওঁলোকৰ জ্যেষ্ঠতা সলনি নহ’ব।
- ভৱিষ্যতে অৰ্থাৎ এতিয়াৰ পৰা আগলৈ OBC ক্ৰিমী লেয়াৰ নিৰ্ণয় কৰোঁতে মাক-দেউতাকৰ দৰমহাক অকলে ভিত্তি হিচাপে ল’ব নোৱাৰিব, পদৰ শ্ৰেণীও চাব লাগিব।
- PSU বা ব্যক্তিগত খণ্ডত কাম কৰা মাক-দেউতাকৰ সন্তানক চৰকাৰী চাকৰিয়ালৰ সন্তানৰ দৰেই সমান ব্যৱহাৰ কৰিব লাগিব।