ডেম’ক্ৰেটৰ হুংকাৰ! ট্ৰাম্পক লগাম লেকাম, আনফালে বলৰুম দেখুৱাই ব্যস্ত ট্ৰাম্প
আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ডাঙৰ জয়ৰ পিছত ডেম’ক্ৰেটসকলে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক লেকাম লগোৱাৰ হুংকাৰ দিছে। আনফালে নিৰ্বাচনৰ পিছৰ প্ৰথম ৰাজহুৱা উপস্থিতিত ট্ৰাম্পে হোৱাইট হাউছত নিৰ্মাণ হৈ থকা নতুন বলৰুম দেখুৱাই ব্যস্ত আছিল।
ট্ৰাম্পৰ নীতি, বিশেষকৈ আমেৰিকা-ইৰাণ যুদ্ধৰ বাবে বাঢ়ি যোৱা জীৱন-যাপনৰ খৰচক লৈ জনতাৰ ক্ষোভৰ বাবেই ডেম’ক্ৰেটসকলে ছিনেটত ৫৪-৪৪ ৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। প্ৰতিনিধি সভাতো তেওঁলোকে কমেও ৩০ খন আসন বঢ়াইছে।

সদনৰ ডেম’ক্ৰেট নেতা হাকিম জেফ্ৰিজে কয়, “আমি ড’নাল্ড ট্ৰাম্পৰ বাবে কাম নকৰো, আমি আমেৰিকাৰ জনতাৰ বাবে কাম কৰো।”
আনফালে ট্ৰাম্পে কয়, “হোৱাইট হাউছ আমেৰিকাৰ প্ৰতীক, ই নিখুঁত হ’ব লাগিব। মোৰ বাবে এই কাম আৰামদায়ক।” তেওঁ লগতে কয়, “ডেম’ক্ৰেটসকলে ধ্বংসাত্মক নহ’লে মই তেওঁলোকৰ সৈতে মিলি চলিম, কিন্তু মোৰ হাতত ভেটোৰ ক্ষমতা আছে।”
এতিয়া জানুৱাৰীৰ পৰা দুয়ো সদনত ডেম’ক্ৰেটৰ দখল থাকিব, যাৰ ফলত অহা দুবছৰ ৱাশ্বিংটনত অচলাৱস্থাৰ সৃষ্টি হ’ব পাৰে।