Your Mic Your Voice

ধুবুৰীৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, উত্তপ্ত পৰিস্থিতি

0

ধুবুৰী জিলাৰ বালাজানৰ ডুমৰদহত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, বালাজান-ডুমৰদহ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গোলকগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা AS 01 BL 7230 নম্বৰৰ এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে এজন পথচাৰীক খুন্দা মাৰে।

unimex

আহত পথচাৰীজনক ডুমৰদহ গাঁৱৰ নৈদালি হক বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হয়।

পিছত স্থানীয় ৰাইজে বালাজান আৰক্ষীৰ সহযোগত আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই চাৰিচকীয়া বাহনখনৰ চালকজনে বাহন এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.

Translate »