গোলকগঞ্জৰ পাগলাহাটত উত্তেজনা, প্ৰয়াস আশ্ৰমত সোমাই শিক্ষকক মাৰপিটৰ অভিযোগ – দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ
গোলকগঞ্জৰ পাগলাহাট উত্তৰ কাঁচখানা প্ৰয়াস আশ্ৰম ন্যাসত দুৰ্বৃত্তৰ উপদ্ৰৱ। ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ এটা দুৰ্বৃত্তৰ দলে আশ্ৰমৰ ভিতৰত সোমাই শিক্ষক বিভাস ৰায়ক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
এই ঘটনাৰ পিছতে সমগ্ৰ উত্তৰ কাঁচখানা অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

আজি গাঁওখনৰ শতাধিক ৰাইজে একগোট হৈ “আশ্ৰমক সুৰক্ষা দিয়ক, দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰক” আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী জনায়।
ইফালে ভুক্তভোগী পক্ষই পাগলাহাট আৰক্ষী চকীত দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।