অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা: হোষ্টেলৰ পানীৰ টেংকিত উদ্ধাৰ বান্দৰৰ মৃতদেহ
অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (AEC) ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
জানিব পৰা মতে, মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসৰ পানীৰ টেংকিৰ ভিতৰত এটা মৃত বান্দৰ উদ্ধাৰ হৈছে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ছাত্ৰাৱাসত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

দীৰ্ঘদিন ধৰি ছাত্ৰসকলে সেই টেংকিৰ পানী ব্যৱহাৰ কৰি আহিছিল বুলি অভিযোগ উঠিছে। ঘটনাক লৈ ছাত্ৰসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
হোষ্টেল কৰ্তৃপক্ষই এতিয়ালৈকে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।