Your Mic Your Voice

চামগুৰি থানাত সুৰামত্ত ট্ৰাক চালকৰ তাণ্ডৱ! আৰক্ষীৰ ওপৰতে হাত!

0

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সুৰামত্ত ট্ৰাক চালক আৰু হেণ্ডিমেনৰ আক্ৰমণত থানাৰ চাৰিগৰাকী আৰক্ষী জোৱান আহত হৈছে।

জানিব পৰা মতে, দেওবাৰে নিশা চামগুৰিৰ সোণাৰিবালিত এখন দ্ৰুতবেগী ট্ৰাকে পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে। খবৰ লাভ কৰাৰ লগে লগে চামগুৰি আৰক্ষীয়ে অভিযান চলাই ট্ৰাকখনৰ সৈতে চালক আৰু হেণ্ডিমেনক আটক কৰি থানালৈ লৈ আনে।

unimex

থানাত সোধা-পোছা চলি থকাৰ সময়তে সুৰামত্ত অৱস্থাত থকা দুয়োজনে হঠাৎ আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়। এই আক্ৰমণত চাৰিগৰাকী আৰক্ষী কৰ্মী আহত হয়।

আহত আৰক্ষী কেইগৰাকী হৈছে – উপ-পৰিদৰ্শক বিকাশ বৰা, কনিষ্টবল নিশান জ্যোতি বৰা, কনিষ্টবল ভাইটি ইংতি আৰু কনিষ্টবল প্ৰণৱ বাংঠাই।

ইফালে আৰক্ষী থানাৰ ভিতৰতে আৰক্ষীৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক গুৰুতৰভাৱে লৈ চামগুৰি আৰক্ষীয়ে অভিযুক্ত দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.

Translate »