নাগালেণ্ডত ৯০ৰ দশকৰ পৰাই বন্ধ হৈ আছে নতুন অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান
ঘাতক ঘনকান্ত গগৈয়ে ব্যৱহাৰ কৰা পিষ্টলটোৰ অনুজ্ঞাপত্ৰক লৈ ৰহস্য ঘনীভূত হৈছে। চৰকাৰ আৰু আৰক্ষীয়ে ঘনকান্তই ব্যৱহাৰ কৰা অস্ত্ৰটোৰ লাইচেন্স নাগালেণ্ড চৰকাৰে দিয়া বুলি দাবী কৰি আহিছে যদিও এই দাবীক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
কাৰণ নাগালেণ্ড চৰকাৰে ১৯৯০ চনৰ পৰাই সাধাৰণ নাগৰিকক নতুনকৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াটো বন্ধ কৰি ৰাখিছে। এই তথ্য চৰকাৰী ৱেবছাইটতো স্পষ্টকৈ উল্লেখ আছে।

এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দাবীক প্ৰত্যাহ্বান জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল ৰেজ্জাক ভূঞাই। মুখ্যমন্ত্ৰীয়ে কৈছিল, “বন্দুক আমি দিয়া নাই, নাগালেণ্ড চৰকাৰেহে দিছে। কি পৰিস্থিতিত দিছিল সেয়া চাব লাগিব।”
ইয়াৰ উত্তৰত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে ২০০৩ চনৰ ৫ ডিচেম্বৰতো নাগালেণ্ডৰ মুখ্য সচিবে পুনৰ জাননী জাৰি কৰি অস্ত্ৰৰ লাইচেন্স প্ৰদান বন্ধ থকাৰ কথা স্পষ্ট কৰিছিল। সময়ে সময়ে এই বিষয় পৰ্যালোচনা কৰা হয় যদিও বন্ধই আছে।
গতিকে এনে অৱস্থাত ঘনকান্ত গগৈক নাগালেণ্ড চৰকাৰে অনুজ্ঞাপত্ৰ দিয়াৰ কোনো সম্ভাৱনা নাই। যদি দিয়া হৈছে, কি কাৰণত দিয়া হ’ল সেয়া তদন্ত কৰিব লাগে। অনুজ্ঞাপত্ৰ নথকা বুলি প্ৰমাণিত হ’লে গোচৰটোত অবৈধ মাৰণাস্ত্ৰ ৰখাৰ নতুন ধাৰা যোগ হ’ব। এছআইটিয়ে এই দিশটো গুৰুত্বসহকাৰে তদন্ত কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে।