বকোত শৰতৰ এদিন শীৰ্ষক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান সম্পন্ন, বীৰ সন্দে ডাকুৱা বঁটা প্ৰদান
শৰতৰ শাৰদীয় সুবাসৰ মাজতে কামৰূপ জিলাৰ বকোত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল “শৰতৰ এদিন” শীৰ্ষক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান।
সংগ্ৰহালয় আৰু প্ৰত্নতাত্ত্বিক সমাজ, বকো আৰু সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী, কামৰূপৰ যৌথ উদ্যোগত বকোৰ ডাঃ শৰৎচন্দ্ৰ ৰাভাৰ বাসগৃহৰ চৌহদত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। গীত, মাত, কথা আৰু কবিতাৰে এক বিচিত্ৰ অনুষ্ঠানেৰে দিনটো মুখৰিত হৈ পৰে।

অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু কণ্ঠসূৰ্য জিতেন ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
ইয়াৰ পিছতে দক্ষিণ কামৰূপৰ লোক সংস্কৃতিৰ পুৰোধা বীৰ সন্দে ডাকুৱাৰ নামেৰে প্ৰৱৰ্তিত বঁটা প্ৰদান কৰা হয়। এইবাৰৰ বঁটা লোক সংস্কৃতিৰ সাধক কালপেটী ৰাভাক প্ৰদান কৰা হয়।
অনুষ্ঠানত “বোধিদ্ৰুম” আৰু “খট বান্ধ”কে ধৰি কেইবাখনো গ্ৰন্থও উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠীৰ সভাপতি ডাঃ শৰৎচন্দ্ৰ ৰাভা, মুখ্য সম্পাদক দ্বিজেন দাস আৰু সংগ্ৰহালয় আৰু প্ৰত্নতাত্ত্বিক সমাজৰ প্ৰধান সম্পাদক বেণুধৰ ৰাভাৰ লগতে বহু গণ্যমান্য ব্যক্তি।