মণিপুৰত মহিলা অপহৰণ কাণ্ডত জড়িত থকাৰ অভিযোগত দুই উগ্ৰপন্থীক আটক
মণিপুৰত চাঞ্চল্যকৰ মহিলা অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনী।
আৰক্ষীৰ এক উচ্চপদস্থ বিষয়াই জনোৱা মতে, বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা এক যৌথ অভিযান চলোৱা হয়। অভিযানকালত দুই সন্দেহযুক্ত উগ্ৰপন্থীক অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত আটক কৰা হয়।

আটকাধীন লোক দুজনক বৰ্তমান আৰক্ষীৰ জিম্মাত ৰাখি মাৰাথন জেৰা চলোৱা হৈছে। এই ঘটনাৰ আঁৰত আন কোনো বৃহৎ উগ্ৰপন্থী সংগঠন জড়িত আছে নেকি তাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
অপহৃত মহিলাগৰাকীৰ সন্ধানত এতিয়াও অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।