Your Mic Your Voice

হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষীৰ বৃহৎ অভিযান, বাংলাদেশী অনুপ্ৰৱেশৰ দালালি কৰাৰ অভিযোগত আটক ৪

0

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীত আৰক্ষীৰ বৃহৎ সফলতা।

খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এক বিশেষ অভিযানত বাংলাদেশী অনুপ্ৰৱেশকাৰীক ধনৰ বিনিময়ত ভাৰতত প্ৰৱেশ কৰোৱাৰ নামত দালালি কৰাৰ অভিযোগত ৪ জনকৈ দালালক আটক কৰা হৈছে।

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, ধৃত দালাল কেইজন হৈছে খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ ফেকামাৰী অঞ্চলৰ জামিৰুল হক, জাবেদ ইছলাম আৰু ছাজিদ হুছেইন। আনহাতে আটক হোৱা আনজন লোক দয়াৰচৰ অঞ্চলৰ আব্দুল লতিফ মিঞা বুলি জানিব পৰা গৈছে।

unimex

দীৰ্ঘদিন ধৰি এই দালালৰ চক্ৰটোৱে সীমান্তৱৰ্তী অঞ্চলত সক্ৰিয় হৈ আছিল আৰু বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰোৱাৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধন লৈ আহিছিল বুলি অভিযোগ উঠিছে।

গোপন সূত্ৰৰ পম খেদি খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযান চলাই চাৰিওজনকে আটক কৰিবলৈ সক্ষম হয়।

বৰ্তমান খাৰুৱাবান্ধা আৰক্ষী চকীত ধৃত দালাল কেইজনক জেৰা অব্যাহত ৰাখিছে। এই চক্ৰৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে, তাৰ তথ্য বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »