“It’s going to get wrapped up soon”: ইৰাণ যুদ্ধ সন্দৰ্ভত ট্ৰাম্পৰ ডাঙৰ মন্তব্য, ক’লে ‘ইৰাণৰ হাতত কেতিয়াও পৰমাণু অস্ত্ৰ থাকিব নোৱাৰে”
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ যুদ্ধক লৈ এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে ইৰাণৰ সৈতে চলি থকা যুদ্ধ সোনকালেই শেষ হ’ব।
শুকুৰবাৰে কানছাছ চিটিৰ KCMO ৰেডিঅ’ ষ্টেচনত দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে কয়, “It’s going to get wrapped up soon” অৰ্থাৎ “এই যুদ্ধ সোনকালেই শেষ হ’ব।”
তেওঁ লগতে কয়, “আমাক এটা গেৰাণ্টি লাগে যে ইৰাণৰ হাতত কেতিয়াও পৰমাণু অস্ত্ৰ নাথাকিব।” (We need a guarantee there’ll never be a nuclear weapon.)
নিৰ্বাচনৰ আগত কোনো আক্ৰমণ নহয়
৩ নৱেম্বৰত আমেৰিকাত মধ্যৱৰ্তী নিৰ্বাচন (Midterm Election) অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ আগত ইৰাণৰ ওপৰত আমেৰিকাই কোনো নতুন আক্ৰমণ নকৰে বুলি ট্ৰাম্পে স্পষ্ট কৰি দিছে।
ইয়াৰ আগতে মঙলবাৰে টেক্সাছৰ Lubbock ত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ট্ৰাম্পে কৈছিল, “কোনোবাই মোক সুধিছিল, ইৰাণ যুদ্ধ কেতিয়া শেষ হ’ব? মই ক’লো, যেতিয়াই মই বিচাৰো তেতিয়াই শেষ হ’ব।” তেওঁ কয় যে যুদ্ধটো অতি সোনকালে শেষ হ’ব পাৰে, কিন্তু ইয়াক সঠিকভাৱে শেষ কৰিব লাগিব, ইৰাণে কেতিয়াও পৰমাণু অস্ত্ৰ নাথাকিব বুলি লিখিতভাৱে ঘোষণা কৰিব লাগিব।

যুদ্ধৰ খৰচ ৪৭ বিলিয়ন ডলাৰ
এই যুদ্ধটো ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে আৰম্ভ কৰিছিল। এতিয়া ৮ মাহ হ’ল।
পেন্টাগনৰ তথ্য অনুসৰি এই যুদ্ধত এতিয়ালৈকে আমেৰিকাৰ ৪৭.১ বিলিয়ন ডলাৰ খৰচ হৈছে। ইয়াৰ বাবে আমেৰিকাত পেট্ৰলৰ দাম, সুতৰ হাৰ বাঢ়িছে, যাৰ বাবে ট্ৰাম্পৰ জনপ্ৰিয়তাও কমিছে।
শান্তি চুক্তিৰ চেষ্টা
ইফালে পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত আমেৰিকা আৰু ইৰাণৰ মাজত এটা শান্তি চুক্তিৰ চেষ্টা চলি আছে। ৰিপ’ৰ্ট অনুসৰি ১৪ টা দফাৰ এখন চুক্তি প্ৰস্তুত হৈছে, য’ত ইৰাণে অন্তত ১২ বছৰলৈ ইউৰেনিয়াম সমৃদ্ধকৰণ বন্ধ কৰিব লাগিব আৰু পৰমাণু অস্ত্ৰ নবনায় বুলি প্ৰতিশ্ৰুতি দিব লাগিব।
কিন্তু ইৰাণে এতিয়াও তেওঁলোকৰ ওচৰত থকা প্ৰায় ৪৪০ কেজি অতি সমৃদ্ধ ইউৰেনিয়াম অন্য দেশলৈ পঠিয়াবলৈ মান্তি হোৱা নাই। ইৰাণে কৈ আহিছে যে তেওঁলোকৰ পৰমাণু কাৰ্যসূচী কেৱল শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবেহে।
ট্ৰাম্পে কৈছে যে তেওঁ নিৰ্বাচনৰ পিছত সিদ্ধান্ত ল’ব – ইৰাণৰ সৈতে চুক্তি কৰিব নে যুদ্ধখন সম্পূৰ্ণৰূপে শেষ কৰিব।