Your Mic Your Voice

উত্তৰাখণ্ডৰ যোশীমঠৰ ওচৰত ৬ জন যাত্ৰীসহ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

0

আজি ৩০ অক্টোবৰ, শুকুৰবাৰে উত্তৰাখণ্ডৰ যোশীমঠত এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত পাইলটসহ মুঠ ৬ জন লোক আছিল। হেলিকপ্টাৰখন বদ্ৰীনাথৰ পৰা দেহৰাডুন অভিমুখে গৈ আছিল। দিনৰ প্ৰায় ২:২০ বজাত যোশীমঠৰ চাই গাঁৱৰ ওচৰত JP Power House ৰ সমীপৰ পাহাৰত হেলিকপ্টাৰখনে খুন্দা মাৰে।

জানিব পৰা মতে, হেলিকপ্টাৰখন Trans Bharat Aviation ৰ VT-HCX। হেলিকপ্টাৰখনে ১:১৪ বজাত বদ্ৰীনাথৰ পৰা উৰা মাৰিছিল। ইয়াৰ কিছু সময়ৰ পাছতে হাতী পৰ্বতৰ ওচৰত হেলিকপ্টাৰখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

হেলিকপ্টাৰত থকা লোকসকল:

unimex
  • পাইলট: কেপ্টেইন হিমাংশু
  • যাত্ৰী: প্ৰতাপা, অৰুণ, শংকৰ গৌড়া, সুধীৰ K, HS নাটৰাজা (৫ জনেই বেংগালুৰুৰ বাসিন্দা বুলি জানিব পৰা গৈছে)

ইফালে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে X যোগে জনাইছে যে জিলা প্ৰশাসন, SDRF, আৰ্মি আৰু ITBP এ যুটীয়াভাৱে উদ্ধাৰ অভিযান চলাই আছে। বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

দুৰ্ঘটনাৰ পিছতে Trans Bharat Aviation ৰ সকলো হেলিকপ্টাৰ সেৱা বন্ধ কৰি দিয়া হৈছে।

শেষ খবৰ পোৱালৈকে হেলিকপ্টাৰত থকা আটাই ৬ জন লোকৰে মৃত্যুৰ আশংকা কৰা হৈছে, যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

Leave A Reply

Your email address will not be published.

Translate »