Your Mic Your Voice

বাল্য বিবাহৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীৰ বৃহৎ অভিযান, ৫ জন আটক

0

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে বৰপেটা জিলা আৰক্ষীৰ কঠোৰ স্থিতি অব্যাহত আছে। ইয়াৰ অংশ হিচাপে তাৰাবাৰী আৰক্ষীয়ে বিশেষ অভিযান চলাই বাল্য বিবাহৰ সৈতে জড়িত ৫ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে।

আটকাধীন লোককেইজনৰ পৰিচয় এনেধৰণৰ —

unimex

১) আনুৱাৰ আলী (১৯), পিতৃ – আকালী, গাঁও – চেঙা মুছলমান পাৰা।
২) গাজিবৰ ৰহমান (৩৩), পিতৃ – মৃত ছৰাব আলী, গাঁও – মহিদুল মঞীয়া।
৩) মহিদুল মঞীয়া (১৯), গাঁও – চেংলেদিয়া, পিতৃ – নাজিৰ মঞীয়া।
৪) ফৰিদুল আলী (২১), পিতৃ – নাছিৰ আলী, গাঁও – খংৰা।
৫) টালেবৰ মঞীয়া, পিতৃ – মৃত লাল মঞীয়া, গাঁও – ফুলবাৰী।

বাল্য বিবাহ নিৰ্মূলৰ বাবে ৰাজ্যজুৰি চলি থকা অভিযানৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.

Translate »