Your Mic Your Voice

ধুবুৰীৰ গৌৰীপুৰত চাঞ্চল্য! ৰেললাইনৰ কাষত উদ্ধাৰ অচিনাক্ত মৃতদেহ

0

ধুবুৰী জিলাৰ গৌৰীপুৰত এক চাঞ্চল্যকৰ ঘটনা। গৌৰীপুৰৰ মলাতিখামাৰ ৰেললাইনৰ কাষত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় লোকৰ প্ৰত্যক্ষদৰ্শীৰ মতে, আজি পুৱা ৰেললাইনৰ কাষত মৃতদেহটো পৰি থকা অৱস্থাত উদ্ধাৰ হয়। মৃতদেহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই যদিও নিহত ব্যক্তিজন এজন পুৰুষ বুলি নিশ্চিত কৰা হৈছে।

unimex

মৃতদেহটো প্ৰত্যক্ষ কৰিবলৈ ঘটনাস্থলীত স্থানীয় লোকৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। খবৰ পোৱাৰ লগে লগে ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে মৃতদেহটোৰ প্ৰকৃত পৰিচয় আৰু মৃত্যুৰ আচল কাৰণ পোহৰলৈ আহিব। এইটো দুৰ্ঘটনা নে আন কোনো ৰহস্য লুকাই আছে, সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত।

Leave A Reply

Your email address will not be published.

Translate »