Your Mic Your Voice

সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰলৈ জীৱনজোৰা সাধনা বঁটা

0

সৰভোগৰ গৌৰৱ, ঐতিহাসিক মইনবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত গণেশ চন্দ্ৰ অধিকাৰী প্ৰভুক প্ৰদান কৰা হ’ল সন্মানীয় “জীৱনজোৰা সাধনা বঁটা”।

যোৰহাটত অনুষ্ঠিত সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সেতুবন্ধন আৰু পূৰ্ণাংগ অধিবেশনৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত এই বিশেষ বঁটা প্ৰদান কৰা হয়। সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে।

unimex

শাৰীৰিক অসুস্থতাৰ বাবে বুঢ়া সত্ৰাধিকাৰ গৰাকী নিজে উপস্থিত থাকিব নোৱৰাত তেখেতৰ হৈ এই বঁটা গ্ৰহণ কৰে তেখেতৰ সুযোগ্য পুত্ৰ তথা বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰীয়ে।

বঁটা গ্ৰহণ কৰি অপূৰ্ব অধিকাৰীয়ে সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতি আৰু যোৰহাট অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সকলো বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

ইয়াৰ লগতে তেওঁ এক গুৰুত্বপূৰ্ণ ঘোষণাও কৰে। সদিয়াৰ পৰা ধুবুৰীলৈ সত্ৰৰ সমন্বয় যাত্ৰাৰ বাবে বিটিচি চৰকাৰৰ চীফ হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশ মৰ্মে ৫ লাখ টকাৰ অনুদান আগবঢ়োৱা হ’ব বুলি তেওঁ ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.

Translate »