“মুখ্যমন্ত্ৰীৰ মিঞা-প্ৰেম সম্পূৰ্ণ মিছা” – নেমছুৰ সভাপতি বদৰুল ইছলামৰ প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা মানুহক উচ্ছেদ কৰি বা কাৰোবাৰ ঘৰ ভাঙি আনন্দ লাভ নকৰে, তেওঁৰ মানৱতা আছে, কাকো দুখ দি ভাল নালাগে আৰু বনাঞ্চল বেদখল কৰিলেহে উচ্ছেদ কৰা হয় বুলি বন বিভাগৰ পৰ্টেল মুকলি কৰি মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই তেওঁক উভতি ধৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামে।
বদৰুল ইছলামে কয় যে বনাঞ্চল অকল মিঞা মানুহে বেদখল কৰা নাই। বনাঞ্চলৰ বাহিৰেও আন বহু ঠাইত মিঞাক বাছি বাছি উচ্ছেদ কৰা হৈছে। যদি সঁচাকৈয়ে বনাঞ্চল সুৰক্ষিত কৰিব বিচাৰিছে, তেন্তে বনাঞ্চল বা অভয়াৰণ্য বেদখল কৰা প্ৰতিজন বেদখলকাৰীক উচ্ছেদ কৰিব লাগিব।

তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰি কয় যে ২২০ বৰ্গ কিলোমিটাৰৰ সোণাই-ৰূপাই অভয়াৰণ্য কোনো মিঞা বা মুছলমানে বেদখল কৰিছে নে? নিশ্চয় কৰা নাই। য’ত অসমৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ বনচোম গছ পোৱা গৈছিল, কিন্তু আজি ছাঁ ল’বলৈকো বনচোম গছ নাই। বন্যপ্ৰাণী আইন ১৯৭২ মতে অভয়াৰণ্যত ফটো তোলা নিষেধ আৰু আইনত কোৱা হৈছে উচ্ছেদ কৰিলে বেদখল মুক্ত কৰিব লাগে।
২০১০ চনত তদানীন্তন শোণিতপুৰ জিলাৰ উপায়ুক্তই RTI ৰ তথ্যত কৈছিল যে দুই লাখ লোকে সোণাই-ৰূপাই অভয়াৰণ্য বেদখল কৰি ৰাখিছে। সেই একে বছৰতে দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলেও অভয়াৰণ্য বেদখল মুক্ত কৰাৰ নিৰ্দেশ দিছিল। বৰ্তমানৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিছুদিন পূৰ্বে কলামাটিত উপস্থিত হৈ পদ্ম হাজৰিকাৰ উপস্থিতিত সোণাই-ৰূপাই অভয়াৰণ্য বেদখল হোৱা বুলি নিজেই স্বীকাৰ কৰিছিল। কিন্তু দুখৰ কথা যে চাৰিদুৱাৰ বনাঞ্চলত ১৪০০ লোকক প্ৰথম পৰ্যায়ত আনুষ্ঠানিকভাৱে ভূমিৰ অধিকাৰ দিয়া হৈছে।