ইউক্ৰেইনৰ জাপ’ৰিজিয়া, চেৰ্নিহিভত ৰাছিয়াৰ আক্ৰমণত ৬ জন আহত
ইউক্ৰেইনৰ দক্ষিণ-পূব চহৰ জাপ’ৰিজিয়াত ৰাছিয়াৰ নিশাৰ আক্ৰমণত ৪ জন লোক আহত হৈছে। সোমবাৰে আঞ্চলিক গৱৰ্ণৰ মাইখাইলো চেমিকিনে টেলিগ্ৰামত এই তথ্য জনাইছে।
ইফালে চেৰ্নিহিভ অঞ্চলত ৰাছিয়াৰ আক্ৰমণত আন ২ জন আহত হৈছে বুলি ইউক্ৰেইনৰ জৰুৰীকালীন সেৱাই জনাইছে।

আনহাতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টেলিগ্ৰামত জনাইছে যে তেওঁলোকে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভৰ এটা বিদ্যুৎ কেন্দ্ৰ, আশে-পাশে থকা অঞ্চলৰ এটা গুদাম আৰু খমেলনিটস্কি অঞ্চলৰ আন এটা বিদ্যুৎ কেন্দ্ৰত আঘাত কৰিছে।
ইয়াৰ উপৰিও চোৰনোমৰস্কৰ বন্দৰৰ আন্তঃগাঁথনি আৰু অডেছালৈ গৈ থকা সামৰিক উদ্দেশ্যত ব্যৱহৃত এখন মালবাহী জাহাজকো লক্ষ্য কৰি লোৱা হৈছে বুলি মন্ত্ৰালয়ে জনাইছে।