ফ্ৰান্সৰ পৰা আলবেনিয়ালৈকে, সামাজিক অশান্তিয়ে ইউৰোপৰ ৰাজপথ জ্বলাই তুলিছে
জীৱন-যাত্ৰাৰ ব্যয়, আবাস সংকট আৰু শিক্ষা ব্যৱস্থাৰ অৱনতিৰ বিৰুদ্ধে ইউৰোপজুৰি যুৱ প্ৰজন্ম ৰাজপথলৈ
ইউৰোপত এই শৰৎ কালত এক ভয়ংকৰ সামাজিক অস্থিৰতাই দেখা দিছে। ফ্ৰান্সৰ পৰা আলবেনিয়া, ইটালীৰ পৰা পৰ্তুগাল আৰু বেলজিয়ামলৈকে – প্ৰায় গোটেই ইউৰোপৰ ৰাজপথত লাখ লাখ মানুহ প্ৰতিবাদত নামি পৰিছে।
১. জীৱন-যাত্ৰাৰ ব্যয় বৃদ্ধি:ইন্ধন, খাদ্য সামগ্ৰী আৰু দৈনন্দিন সামগ্ৰীৰ দাম আকাশলংঘী হোৱা।
২. আবাস সংকট:লিছবন, মাদ্ৰিদত ভাড়া দিব নোৱাৰি ৰাস্তাত তম্বু গাঢ়ি প্ৰতিবাদ কৰিছে যুৱকে।
৩. শিক্ষা ব্যৱস্থা:ফ্ৰান্সত ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ হোৱা আন্দোলন এতিয়া ট্ৰেড ইউনিয়ন আৰু ইয়েলো ভেষ্টলৈ বিয়পি পৰিছে।

ফ্ৰান্সত প্ৰায় ৫.৫ লাখৰ পৰা ৮ লাখ মানুহে প্ৰতিবাদত অংশ লৈছে। পেৰিছ, মাৰ্চেই, লিয়ঁত দোকান লুট, গাড়ীত অগ্নিসংযোগ আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষ হৈছে। লিম’জৰ ১৮৮৩ চনত নিৰ্মিত ঐতিহাসিক চিটি হলতো জুই লগাই দিয়া হৈছে।
আলবেনিয়াৰ ৰাজধানী তিৰানাত প্ৰধানমন্ত্ৰী এডি ৰামাৰ পদত্যাগৰ দাবীত ছাত্ৰই পেট্ৰল বোমা, শিলগুটি নিক্ষেপ কৰিছে। ইটালীৰ মিলানত ডুঅ’ম’ স্কোৱাৰত লুটপাট, ৩২ জনক গ্ৰেপ্তাৰ কৰা হৈছে।
বিশেষজ্ঞৰ মতে, যুৱ প্ৰজন্মই সামাজিক মডেলটোৰ ওপৰত হতাশ অনুভৱ কৰিছে আৰু অনিশ্চয়তাৰ বাবেই এটা সৰু স্ফুলিংগই ৰাজপথ জ্বলাই তুলিছে।