বলীউডত চাঞ্চল্য: টাইগাৰ শ্ৰফক আক্ৰমণ কৰা ৩ আক্ৰমণকাৰী আটক, মুম্বাই আৰক্ষীৰ ডাঙৰ সফলতা
টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰে। মুম্বাই আৰক্ষীয়ে টাইগাৰ শ্ৰফৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পলায়নৰ চেষ্টা কৰি থকা অৱস্থাতে তিনিওজন আক্ৰমণকাৰীক আটক কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণৰ সময়ত দুটা পিষ্টল ব্যৱহাৰ কৰা হৈছিল। আক্ৰমণকাৰীকেইজন বাইকেৰে জুহুলৈ আহিছিল। যদিও আক্ৰমণত ব্যৱহৃত অস্ত্ৰ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।

জানিব পৰা মতে, ৰে’লেৰে পলায়নৰ চেষ্টা কৰিছিল তিনিওজন আক্ৰমণকাৰীয়ে। গ্ৰেপ্তাৰ হোৱা এজনৰ ঘৰ বিহাৰত থকাৰ বিপৰীতে আন দুজন হাৰিয়ানাৰ বাসিন্দা। বৰ্তমান শ্বুটাৰকেইটা কোটাত আৰক্ষীৰ জিম্মাত আছে।
দিল্লী, ৰাজস্থান আৰু হাৰিয়ানা আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে শ্বুটাৰকেইটাক গ্ৰেপ্তাৰ কৰে। ঘটনাৰ তদন্তৰ বাবে মুম্বাই আৰক্ষীয়ে ২০টা বিশেষ দল গঠন কৰিছে।