লোকশিল্পী হীৰকজ্যোতি শৰ্মাই গ্ৰহণ কৰিলে প্ৰতিষ্ঠিত ‘ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা’, অসমৰ লোকসংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি
অসমৰ লোকসংগীত জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে লোকশিল্পী তথা গৱেষক হীৰকজ্যোতি শৰ্মাই। সংগীত নাটক অকাডেমীৰ সন্মানীয় ‘ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা ২০২৫’ লাভ কৰিছে হীৰকজ্যোতি শৰ্মাই।
নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আনুষ্ঠানিকভাৱে হীৰকজ্যোতি শৰ্মাক এই বঁটা প্ৰদান কৰে।

লোক সংগীতৰ শিতানত এই সন্মান লাভ কৰিছে হীৰকজ্যোতি শৰ্মাই। বিশেষকৈ টোকাৰী গীতৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। উল্লেখযোগ্য যে টোকাৰী গীতত ‘ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা’ লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে হীৰকজ্যোতি শৰ্মা।
দীৰ্ঘদিন ধৰি অসমৰ লোকসংগীত, বিশেষকৈ টোকাৰী গীতৰ সংৰক্ষণ, গৱেষণা আৰু প্ৰচাৰত হীৰকজ্যোতি শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁৰ এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে অসমৰ লোকশিল্পীসকলক নিশ্চয় উৎসাহিত কৰিব।