Your Mic Your Voice

বগীবিল দলঙত চাইকেল চলাই কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

0

সামাজিক মাধ্যমত পুনৰ জনপ্ৰিয়তাৰ শীৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঐতিহাসিক বগীবিল দলঙৰ ওপৰত চাইকেল চলাই থকা এটি ভিডিঅ’ শ্বেয়াৰ কৰাৰ পাছতে নিমিষতে ভাইৰেল হৈ পৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰা ভিডিঅ’টোৱে মাত্ৰ ১০ ঘণ্টাতে ১১ লাখতকৈও অধিক ভিউ লাভ কৰিবলৈ সক্ষম হয়। ভিডিঅ’টোত তেওঁ বগীবিল দলংখন নিৰ্মাণৰ আঁৰৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ কথা উল্লেখ কৰে।

unimex

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ বাবে বগীবিল দলং এক মাইলৰ খুঁটি। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত ৪.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল-কাম-পথ দলংখনৰ বাবে অসমবাসীয়ে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এই সপোন বাস্তৱত পৰিণত হয়।

২০১৮ চনৰ ২৫ ডিচেম্বৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তীৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে দলংখন ৰাইজৰ বাবে মুকলি কৰে। ডিব্ৰুগড় আৰু ধেমাজিক সংযোগ কৰা এই দলংখনে অসম আৰু অৰুণাচলৰ মাজৰ দূৰত্ব বহুখিনি হ্ৰাস কৰিছে।

অৰ্থনৈতিক বিকাশৰ লগতে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো বগীবিল দলঙৰ ভূমিকা অপৰিসীম। চীন সীমান্তৰ নিকটৱৰ্তী অঞ্চললৈ সেনা আৰু সামগ্ৰী সৰবৰাহত ই অতি গুৰুত্বপূৰ্ণ।

Leave A Reply

Your email address will not be published.

Translate »