কলকাতাৰ চোৰবাগান মণ্ডপৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
শনিবাৰে সন্ধিয়াৰ ভাগত ধাৰাসাৰ বৰষুণৰ মাজতে চোৰবাগান দুৰ্গা পূজা মণ্ডপত ভক্তৰ প্ৰচণ্ড ভিৰৰ সৃষ্টি হয়। প্ৰচণ্ড ভিৰৰ হেঁচাত সৃষ্টি হোৱা পদপিষ্টৰ ঘটনাত ১৯ গৰাকী লোকে অকালতে প্ৰাণ হেৰুৱায়, আনহাতে ২৫ জনৰো অধিক লোক আহত হয়।
এই হৃদয়বিদাৰক ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে – কলকাতাৰ চোৰবাগান পূজা মণ্ডপত সংঘটিত হোৱা শোকাৱহ পদপিষ্টৰ ঘটনাটোৱে গভীৰভাৱে মৰ্মাহত কৰিছে। এই ঘটনা অত্যন্ত বেদনাদায়ক আৰু হৃদয়বিদাৰক।
তেওঁ লগতে কয়, অসমবাসীৰ হৈ মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। এই কঠিন সময়ত অসম পশ্চিমবংগৰ কাষত থিয় হৈ আছে। আমাৰ চিন্তা আৰু প্ৰাৰ্থনা ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী ব্যক্তিৰ সৈতে আছে।
আহতসকলৰ আশু আৰোগ্যৰ বাবে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালসমূহক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি দিবলৈও তেওঁ প্ৰাৰ্থনা জনায়।