Your Mic Your Voice

‘এয়া ৰাজনৈতিক স্বাৰ্থ নহয়, ন্যায়ৰ সংগ্ৰাম’- অখিল গগৈৰ হুংকাৰ

0

আজি জুবিন ক্ষেত্ৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। জুবিন হত্যা গোচৰত অভিযুক্তই জামিন লাভ কৰাক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আৰু ন্যায়িক প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

বিধায়কগৰাকীয়ে স্পষ্টকৈ কয় যে, এই আন্দোলন কোনো ৰাজনৈতিক দলৰ স্বাৰ্থত কৰা হোৱা নাই। এইয়া ৰাইজৰ ন্যায় বিচৰাৰ সংগ্ৰাম। গোচৰটো সুচাৰুৰূপে পৰিচালনাৰ বাবে দুটা পৃথক দায়িত্ব দি এখন বিশেষ কমিটী গঠন কৰা হৈছে। লগতে আইনী দিশসমূহ গভীৰভাৱে পৰীক্ষা কৰিবলৈ শীঘ্ৰেই আন এখন আইনী কমিটী গঠন কৰা হ’ব। ন্যায়িক যুঁজখন অধিক শক্তিশালী কৰিবলৈ অভিজ্ঞ অধিবক্তাৰ দল এটা নিয়োগৰ বাবেও চেষ্টা চলোৱা হৈছে বুলি তেওঁ জনায়।

unimex

তেওঁ লগতে কয়, যিসকল অভিযুক্তই ইতিমধ্যে জামিন পাইছে তেওঁলোকৰ জামিন বাতিলৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱা হ’ব। একেদৰে এতিয়াও জেলত থকা অভিযুক্তই যাতে কোনো পৰিস্থিতিতে জামিন লাভ নকৰে, তাৰ বাবেও কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হ’ব।

ইয়াৰ উপৰি সকলো তথ্য-প্ৰমাণ সন্নিৱিষ্ট কৰি আদালতত এখন Supplementary Charge Sheet দাখিল কৰিবলৈ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক দাবী জনোৱা হ’ব। সকলো দোষীকে আইনৰ কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি তেওঁ দৃঢ়তাৰে কয়।

শেষত অখিল গগৈয়ে কয় যে, আজিৰ এই সমগ্ৰ পদক্ষেপত গৰিমা শইকীয়া গাৰ্গৰ সম্পূৰ্ণ সমৰ্থন আছে। তেওঁৰ সৈতে হোৱা আলোচনাৰ কথাও তেওঁ সদৰী কৰে। লগতে ন্যায়ৰ এই যুঁজত ৰাজনৈতিক ৰং নাসানিবলৈ আহ্বান জনাই দল-মত নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতা কামনা কৰে।

Leave A Reply

Your email address will not be published.

Translate »