সৰুপেটাত ১০১ সংখ্যক সাৰ্বজনীন দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
সৰুপেটা সাৰ্বজনীন দুৰ্গা পূজাই এইবেলি ১০১ সংখ্যক বৰ্ষত ভৰি দিছে। এই ঐতিহাসিক ক্ষণক লৈ সৰুপেটা দুৰ্গা পূজা উদযাপন সমিতিৰ মাজত ব্যাপক উছাহ-উদ্দীপনা দেখা গৈছে।প্ৰতি বছৰৰ দৰে এইবেলিও সৰুপেটা মিলন মন্দিৰ প্ৰাংগণত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুৰ্গা পূজা উদযাপন কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে পূজা সমিতিয়ে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।পূজাস্থলীত বৰ্তমান দিনে-নিশাই ব্যস্ত হৈ পৰিছে শিল্পী আৰু মিস্ত্ৰীসকল। আকৰ্ষণীয় ৰূপত মণ্ডপ সজোৱাৰ কাম প্ৰায় শেষ হোৱাৰ পথত।
এইবাৰৰ পূজাৰ অন্যতম বিশেষ আকৰ্ষণ হ’ব নৱনিৰ্মিত মিলন মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। দুৰ্গা পূজাৰ বেলবৰণৰ প্ৰাকমুহূৰ্তত মন্দিৰৰ শুভ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব বুলি সমিতিয়ে জানিবলৈ দিছে।

পূজাৰ পাঁচোটা দিনতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এইবাৰৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ হ’ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা। তেওঁ নিজৰ জনপ্ৰিয় গীতেৰে দৰ্শকক মোহিত কৰিব।
লগতে এইবাৰৰ পূজাত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব জনপ্ৰিয় অভিনেত্ৰী গৰিমা শইকীয়া গাৰ্গ।
১০১ বছৰীয়া এই ঐতিহাসিক দুৰ্গা পূজালৈ সৰুপেটা পূজা সমিতিয়ে সকলো ভক্তক নিমন্ত্ৰণ জনাইছে।