Your Mic Your Voice

যন্তৰ-মন্তৰ প্ৰতিবাদৰ বাবে চিজেপিৰ নেতা সৌৰৱ দাস, আশুতোষ ৰাংকাক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

0

যন্তৰ-মন্তৰত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত Cockroach Janta Party (CJP) ৰ দুই জ্যেষ্ঠ নেতা সৌৰৱ দাস আৰু আশুতোষ ৰাংকাক বুধবাৰে পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দুয়োজনকে তিহাৰ জে’লত ৰখা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ বিৰুদ্ধে শান্তি চুক্তি ভংগ আৰু অনধিকাৰ প্ৰৱেশৰ অভিযোগ উত্থাপন কৰা হৈছে। তেওঁলোকৰ সহযোগী অজিংক্য শিন্দেক ৫,০০০ টকাৰ ব্যক্তিগত বণ্ডত মুকলি কৰি দিয়া হৈছে আৰু ছয় মাহৰ বাবে শান্তি বজাই ৰখাৰ প্ৰতিশ্ৰুতি লোৱা হৈছে।

আৰক্ষীৰ তথ্য অনুযায়ী, মঙলবাৰে পুৱা সৌৰৱ দাস, আশুতোষ ৰাংকা আৰু অজিংক্য শিন্দেকে যন্তৰ-মন্তৰৰ বেৰিকেড ভাঙি ভিতৰত প্ৰৱেশ কৰে। উল্লেখ্য যে, যোৱা ১১ অক্টোবৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যন্তৰ-মন্তৰক প্ৰতিবাদৰ নিৰ্ধাৰিত স্থান হিচাপে বাতিল (denotify) কৰিছিল।

প্ৰতিবাদকাৰীসকলে তাত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শ্ল’গান দি ত্ৰিৰংগ পতাকা উৰুৱাইছিল। এই প্ৰতিবাদ ভোটাৰ তালিকাৰ বিশেষ গভীৰ সংশোধন (Special Intensive Revision – SIR) ত অনিয়মৰ অভিযোগৰ বিৰুদ্ধে আছিল।

unimex

আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে দুটা এজাহাৰ দাখিল কৰিছে – কন’ট প্লেচ আৰু পাৰ্লামেণ্ট ষ্ট্ৰীট থানাত। ভাৰতীয় ন্যায় সংহিতা (BNS) ৰ ২২৩, ৩৩২, ২২১, ১৩২ ধাৰাৰ অধীনত আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS) ৰ ১২৬ আৰু ১৭০ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযোগ – চৰকাৰী কৰ্মচাৰীৰ কামত বাধা, অবৈধ অনুপ্ৰৱেশ আৰু নিষেধাজ্ঞা অমান্য।

আৰক্ষীয়ে আদালতত যুক্তি দিয়ে যে, এই নেতা দুজনে শনিবাৰে প্ৰতিবাদৰ সময়ত এবছৰলৈ শান্তি বজাই ৰখাৰ বাবে বণ্ডত চহী কৰিছিল যদিও তাক ভংগ কৰিলে। লগতে তেওঁলোকে ছ’চিয়েল মিডিয়াত মানুহক প্ৰতিবাদলৈ আহিবলৈ আহ্বান জনাইছিল।

CJP ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেই এই পদক্ষেপক “বিৰোধী মত দমন” বুলি সমালোচনা কৰিছে। তেওঁ X-ত লিখিছে, “আশু আৰু সৌৰৱক পাঁচ দিনৰ জিম্মালৈ পঠিওৱা হৈছে। তেওঁলোকৰ দোষ কি? যন্তৰ-মন্তৰত ত্ৰিৰংগ উৰুওৱা।”

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও এই গ্ৰেপ্তাৰৰ নিন্দা কৰি কৈছে, “যন্তৰ-মন্তৰত শান্তিপূৰ্ণভাৱে ত্ৰিৰংগ উৰুওৱাটো অপৰাধ নহয়। ইয়াৰ বাবে যুৱকক জেললৈ পঠিওৱাটো কাপুৰুষতা। যন্তৰ-মন্তৰ ভাৰতৰ জনগণৰ।”

বৰ্তমান যন্তৰ-মন্তৰক প্ৰতিবাদস্থলী হিচাপে বাতিল কৰাৰ নিৰ্দেশক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে, কিন্তু এতিয়ালৈকে কোনো ৰায় দিয়া হোৱা নাই।

Leave A Reply

Your email address will not be published.

Translate »