Your Mic Your Voice

ৰাহুল গান্ধীৰ বিৰুদ্ধে দিলীপ শইকীয়াৰ গুৰুতৰ অভিযোগ, ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ

0

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডি ব্লকে ভাৰতক অস্থিৰ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই।

আজি বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেলত শইকীয়াই কয় যে, বিদেশী শক্তিৰ সহযোগত কংগ্ৰেছে আন্দোলনৰ নামত দেশত অৰাজকতাৰ সৃষ্টি কৰিব বিচাৰিছে। ভাৰতৰ স্পন্দনশীল গণতন্ত্ৰক দুৰ্বল কৰি দেশবিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দল।

সংবাদমেলত উপ-সভাপতি ড° অমিয় কুমাৰ ভূঞা, সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, অনুপ বৰ্মন আৰু সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামী উপস্থিত থাকে।

নিৰ্বাচন আয়োগৰ SIRৰ বিৰোধিতা কৰি কংগ্ৰেছে বিদেশী নাগৰিকৰ ভোট সুৰক্ষিত কৰিব বিচাৰিছে বুলিও শইকীয়াই অভিযোগ কৰে। তেওঁ কয়, কংগ্ৰেছ জিকিলে সকলো ভাল, হাৰিলেই সকলো বেয়া। গণতান্ত্ৰিক পৰম্পৰাৰ ওপৰত আক্ৰমণ কৰি দেশত অস্থিৰতাৰ বাতাৱৰণ সৃষ্টি কৰিছে কংগ্ৰেছে।

unimex

লগতে তেওঁ কয়, বিজেপিৰ উত্থানত দিশহাৰা হৈ কংগ্ৰেছ নেতৃত্ব হতাশাত ভুগিছে। নিজৰ মানসিক অস্থিৰতা ঢাকিবলৈ দেশখনকে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে।

এই ষড়যন্ত্ৰৰ বিৰুদ্ধে বিজেপিয়ে ১৩ ৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে ‘জনজাগৰণ সমদল’ উলিয়াব। শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ত নলবাৰী, গুৱাহাটী, শিলচৰ, তেজপুৰ, বৰপেটা, যোৰহাট আৰু ডিব্ৰুগড়ত যুৱ শক্তিৰে এই সমদল অনুষ্ঠিত হ’ব।

ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই প্ৰেৰণ কৰা বিবৃতি অনুসৰি, সাংবিধানিক প্ৰতিষ্ঠানক ব্লেকমেইলিং কৰা আৰু SIRৰ বিৰোধিতাৰে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ বাবেও কংগ্ৰেছক তীব্ৰ গৰিহণা দিয়ে শইকীয়াই।

তেওঁ লগতে কয়, ৰাষ্ট্ৰবিৰোধী চৰিত্ৰৰ বাবেই দেশৰ বহু ৰাজ্যত কংগ্ৰেছৰ ভেটি উচন হৈছে। তামিলনাডুত ৫৯ বছৰ, পশ্চিমবংগত ৪৯ বছৰ, উত্তৰ প্ৰদেশত ৩৭ বছৰ, বিহাৰত ৩৬ বছৰ, গুজৰাটত ৩০ বছৰ, অসমত ১১ বছৰ ধৰি কংগ্ৰেছ জিকিব পৰা নাই। ইয়াৰ বাবেও SIR দায়ী নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয়, ৰাইজে কংগ্ৰেছক মনৰ পৰা আঁতৰাই পেলাইছে, দলটোৰ ভৱিষ্যৎ শূন্য।

Leave A Reply

Your email address will not be published.

Translate »