Your Mic Your Voice

জিবুটিৰ উপকূলত ভয়ংকৰ নাও দুৰ্ঘটনা: মৃত্যুৰ সংখ্যা ১৩৯ জনলৈ বৃদ্ধি

0

জিবুটিৰ উপকূলত সংঘটিত এক ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থা (IOM) য়ে দেওবাৰে জনোৱা অনুসৰি, এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৯ জনলৈ বৃদ্ধি পাইছে। দেওবাৰে পুনৰ ৩০ টা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এই সংখ্যা বৃদ্ধি পাইছে।

জীৱিতসকলৰ ভাষ্য অনুসৰি, ৮ আৰু ৯ অক্টোবৰৰ নিশা জিবুটিৰ পৰা য়েমেনলৈ গৈ থকা এখন অতিভৰ্তি নাও ওবোক চহৰৰ উত্তৰে গুহেৰে অঞ্চলৰ ওচৰত ডুবি যায়। নাওখনত প্ৰায় ৩০৫ ৰ পৰা ৩৫০ জন লোক আছিল।

IOM য়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, প্ৰথমে উদ্ধাৰ হোৱা ১০৯ টা মৃতদেহৰ ভিতৰত ৫২ জন পুৰুষ, ৪২ গৰাকী মহিলা আৰু ৯ গৰাকী ছোৱালী আৰু ৬ জন ল’ৰা সহ ১৫ টা শিশু আছিল। এতিয়াও ৮৪ জন লোক সন্ধানহীন হৈ আছে। আনহাতে, ৮০ জনৰো অধিক লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোক সকলো ইথিঅ’পিয়াৰ নাগৰিক।

unimex

এই সন্দৰ্ভত জিবুটিত থকা IOM ৰ মুৰব্বী আলেকজেণ্ডাৰ কইছাকে কয়, “এয়া জীৱনৰ এক ভয়ংকৰ ক্ষতি। আমাৰ সমবেদনা জীৱিতসকল আৰু তেওঁলোকৰ প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰৰ লগত আছে।”

তেওঁ লগতে কয় যে এই দুৰ্যোগে প্ৰব্ৰজনকাৰীসকলে বাব-এল-মাণ্ডেব প্ৰণালী অতিক্ৰম কৰি উপসাগৰীয় দেশলৈ যাবলৈ গ্ৰহণ কৰা এই বিপদজনক পথটোৰ ভয়াৱহতাক পুনৰবাৰ সোঁৱৰাই দিছে।

বৰ্তমান জিবুটি প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। IOM ৰ তথ্য অনুসৰি, ১০ ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে ইথিঅ’পিয়াৰ পৰা জিবুটিলৈ ২০,০০০ৰো অধিক লোকে এই পথেৰে প্ৰব্ৰজন কৰিছে। দৰিদ্ৰতা, নিৰাপত্তাহীনতা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবেই বহু লোকে এই বিপদজনক যাত্ৰা কৰিবলৈ বাধ্য হৈছে।

Leave A Reply

Your email address will not be published.

Translate »