Your Mic Your Voice

ধুবুৰীত শিল্পীৰ চমক! ৭ হাজাৰ কলমেৰে গঢ়িলে মা দুৰ্গাৰ অপূৰ্ব প্ৰতিমা

0

পূজাৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ শিল্পজগতত দেখা গৈছে অভিনৱ চমক। বিশিষ্ট শিল্পী প্ৰদীপ কুমাৰ ঘোষে এইবাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ ৭ হাজাৰৰো অধিক মাৰ্কাৰ আৰু ডট পেন ব্যৱহাৰ কৰি মা দুৰ্গাৰ এক অনন্য আৰু আকৰ্ষণীয় প্ৰতিমা নিৰ্মাণ কৰিছে।

উল্লেখযোগ্য যে, শিল্পী প্ৰদীপ কুমাৰ ঘোষ প্ৰতিবছৰে দুৰ্গা প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰত নতুন নতুন পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। পৰম্পৰাগত শৈলীৰ পৰা আঁতৰি আহি সৃষ্টিশীল চিন্তাধাৰাৰে তেওঁ প্ৰতিবাৰে কিবা নতুন আৰু ব্যতিক্ৰমী সৃষ্টি কৰাৰ প্ৰয়াস কৰে।

unimex

তেওঁৰ এইবাৰৰ শিল্পকৰ্মতো সৃষ্টিশীলতা আৰু মা দুৰ্গাৰ প্ৰতি থকা গভীৰ ভক্তি আৰু শ্ৰদ্ধাৰ এক অপূৰ্ব সমন্বয় ফুটি উঠিছে। কলমৰ নিবিড় সংযোজনেৰে গঢ়ি তোলা এই প্ৰতিমাই শিল্পপ্ৰেমীৰ লগতে সাধাৰণ ৰাইজৰ মাজতো ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে।

আগন্তুক দুৰ্গা পূজাত এই ব্যতিক্ৰমী প্ৰতিমাই ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ বাবে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »