Your Mic Your Voice

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আহমেদাবাদক লৈ ডাঙৰ সপোন

0

ভাৰতীয় ক্ৰীড়া প্ৰেমীৰ বাবে আহিছে এক ডাঙৰ খবৰ। বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক ভাৰতত অনুষ্ঠিত হোৱাৰ পথত এখোজ আগুৱাই গৈছে। আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে (IOC) যোৱা ৬ অক্টোবৰ ২০২৬ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে ভাৰতকে ধৰি মুঠ ৭ খন দেশে আগ্ৰহ প্ৰকাশ কৰিছে।

ভাৰতৰ বাবে এইটো এক ঐতিহাসিক মুহূৰ্ত। স্বাধীনতাৰ পিছত ভাৰতে কেতিয়াও অলিম্পিক আয়োজন কৰা নাই। ২০১০ৰ কমনৱেলথ গেমছৰ পিছত এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া আয়োজনৰ সপোন।

IOC-ৰ তালিকা অনুসৰি ২০৩৬ৰ বাবে প্ৰতিযোগিতাত থকা দেশ কেইখন হৈছে – ভাৰত, কাটাৰ, জাৰ্মানী, হাংগেৰী, দক্ষিণ কোৰিয়া, দক্ষিণ আফ্ৰিকা আৰু তুৰস্ক। ইয়াৰ ভিতৰত ভাৰত আৰু কাটাৰক আটাইতকৈ শক্তিশালী দাবীদাৰ হিচাপে গণ্য কৰা হৈছে।

ভাৰত চৰকাৰে গুজৰাটৰ আহমেদাবাদক Host City হিচাপে প্ৰস্তাৱ দিছে। ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে।

unimex

প্ৰথমতে, আহমেদাবাদত আছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম – নৰেন্দ্ৰ মোডী ষ্টেডিয়াম। ১ লাখ ৩০ হাজাৰ দৰ্শক বহিব পৰা এই ষ্টেডিয়ামতে উদ্বোধনী আৰু সামৰণি অনুষ্ঠান পতাৰ পৰিকল্পনা কৰা হৈছে। দ্বিতীয়তে, চৰকাৰে তাত নিৰ্মাণ কৰি আছে Sardar Vallabhbhai Patel Sports Enclave, য’ত অলিম্পিকৰ বাবে প্ৰয়োজনীয় সকলো আন্তঃগাঁথনি থাকিব।

ইয়াৰ উপৰিও ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছ আহমেদাবাদতে আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে। এই গেমছখনক ২০৩৬ৰ অলিম্পিকৰ বাবে এক ট্ৰায়েল হিচাপে চোৱা হৈছে। লগতে ২০২৯ৰ World Police and Fire Games ও আহমেদাবাদতে হ’ব।

এতিয়াই একো চূড়ান্ত হোৱা নাই। IOC-এ অহা নৱেম্বৰ মাহত সকলো ৭ খন দেশৰ প্ৰেজেন্টেচন শুনিব। তাৰ পিছত দীৰ্ঘ আলোচনা আৰু পৰিদৰ্শনৰ অন্তত ২০২৯ চনৰ মাজভাগত ১০০ৰো অধিক IOC সদস্যই ভোটদানেৰে Host City নিৰ্বাচন কৰিব। IOC-এ ৩১ অক্টোবৰ ২০২৬লৈকে নতুন দেশক আবেদনৰ সুযোগো দিছে।

যদি ভাৰতে এই বিডত জয়ী হয়, তেন্তে এয়া হ’ব দেশৰ ক্ৰীড়া ইতিহাসৰ আটাইতকৈ ডাঙৰ অধ্যায়।

Leave A Reply

Your email address will not be published.

Translate »