পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে, ক’লে- ‘১ লাখ ভোটত জিকিব দেৱাশীষ শৰ্মা’
৯নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে। সমষ্টিটোৰ অন্তৰ্গত ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিতো পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে।
পুৱাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে। চাবুকধৰা পঞ্চায়তৰ অন্তৰ্গত দেওৰাবড়ি প্ৰাথমিক বিদ্যালয়ৰ ২৬১ নম্বৰ ভোটকেন্দ্ৰত উপস্থিত হৈ বিধায়কগৰাকীয়ে ভোটদান কৰে।

ভোটদানৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিধায়ক দেউৰীয়ে কয়, “যদি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৯০ শতাংশ ভোটদান হয়, তেন্তে মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাক এক লাখ ভোটৰ ব্যৱধানত জিকাবলৈ সক্ষম হ’ম।”
ইফালে ভোটগ্ৰহণ চলি থকাৰ মাজতে বিধায়কগৰাকী ভোটকেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰিজাইডিং অফিচাৰক নিৰ্দেশনা দিয়াৰ দৃশ্যও প্ৰত্যক্ষ কৰা হয়।
সমষ্টিটোত কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্ৰহণ অব্যাহত আছে।