শ্যামকানুসহ কোনো অভিযুক্তই জামিন পাব নালাগে: গৰিমা গাৰ্গ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ওপৰত আদালতে এক মাহৰ বাবে স্থগিতাদেশ দিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

গৰিমা গাৰ্গে কয় যে ন্যায় ব্যৱস্থাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ স্পষ্টকৈ জনায় যে কেৱল শ্যামকানু মহন্তই নহয়, এই গোচৰৰ সৈতে জড়িত আটাইকেইজন অভিযুক্তৰে জামিন আবেদন নাকচ হ’ব লাগে। অভিযুক্তসকল জেলতেই থাকিব লাগে বুলি তেওঁ দাবী কৰে।
তেওঁ লগতে কয়, সেইদিনা প্ৰকৃততে কি হৈছিল সেয়া সকলোৱে জানিব বিচাৰে। গোচৰটোত যাতে কোনো ধৰণৰ খুঁত নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু দোষী সাব্যস্ত হোৱা আটাইকেইজনে উচিত শাস্তি পাব লাগিব।