Your Mic Your Voice

ভাৰত-আমেৰিকা বাণিজ্য আলোচনা স্থবিৰ অৱস্থাত উপনীত, অধিক ৰেহাই দিয়াটো অতি কঠিন: নিৰ্মলা সীতাৰমণ

0

ভাৰত আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনা এক অতি গুৰুত্বপূৰ্ণ আৰু স্থবিৰ পৰ্যায়ত উপনীত হৈছে। দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে এই কথা সদৰি কৰে। নতুন দিল্লীত অনুষ্ঠিত Munich Leaders Meeting ত অংশগ্ৰহণ কৰি তেওঁ কয় যে দুয়োখন দেশৰ মাজত আলোচনা এতিয়াও অব্যাহত আছে যদিও এনে এক পৰ্যায় পাইছে য’ত ইয়াৰ পৰা অধিক দিয়া-লোৱা কৰাটো দুয়োপক্ষৰ বাবেই অতি কঠিন হৈ পৰিছে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “এই চুক্তিখন কঠোৰ আৰু অতি নিখুঁতভাৱে আলোচনা কৰা হৈছে। আলোচনা এতিয়াও চলি আছে যদিও আমি বিশ্বাস কৰোঁ যে দুয়োপক্ষই এনে এক plateau ত উপনীত হৈছে যাৰ পৰা অধিক দিয়া-লোৱা কৰাটো অতি কঠিন।”

unimex

তেওঁ লগতে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এই সম্পৰ্কৰ প্ৰধান বৈশিষ্ট্য হ’ল বাণিজ্যৰ ভাৰসাম্য ভাৰতৰ পক্ষত আছে। অৰ্থাৎ ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণ আমদানি কৰাতকৈ বেছি। স্বাভাৱিকতে আমেৰিকাই এই বাণিজ্য ঘাটি হ্ৰাস কৰিব বিচাৰে আৰু বিগত বছৰবোৰত হোৱা লোকচানৰ ভাৰসাম্য আনিব বিচাৰে।

আলোচনাৰ পদ্ধতি সলনি হোৱা বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে আগতে শুল্ক কেৱল আলোচনাৰ এক আহিলা আছিল আৰু ইয়াৰ এক নিৰ্দিষ্ট কাঠামো আছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে, শুল্কক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। বাণিজ্যৰ ভাৰসাম্যহীনতা দূৰ কৰিবলৈ দেশসমূহে এতিয়া কেৱল আলোচনাৰ ওপৰত নিৰ্ভৰ নকৰি অন্য উপায় অৱলম্বন কৰিছে।

উল্লেখযোগ্য যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰত আৰু আমেৰিকাৰ মাজত এই বাণিজ্য চুক্তিৰ বাবে আলোচনা চলি আছে। অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বজাৰৰ প্ৰৱেশাধিকাৰৰ দৰে জটিল বিষয়সমূহ সমাধান কৰাৰ লক্ষ্যৰে এই আলোচনা আৰম্ভ হৈছিল। কিন্তু শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ আইনত স্বাক্ষৰ কৰাৰ পিছত আলোচনাই অধিক জটিল ৰূপ ধাৰণ কৰিছে। ভাৰত ৰাছিয়াৰ তেলৰ অন্যতম বৃহৎ ক্ৰেতা হোৱাৰ বাবে এই বিষয়টোৱে আলোচনাত প্ৰভাৱ পেলাইছে।

Leave A Reply

Your email address will not be published.

Translate »