Your Mic Your Voice

২০০৬ৰ দুৰ্নীতিৰ অভিযোগত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক তদন্তৰ নিৰ্দেশ কেৰালা চৰকাৰৰ

0

তিৰুৱনন্তপুৰম:দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ২০ বছৰ পুৰণি এক গুৰুতৰ দুৰ্নীতিৰ অভিযোগত পুনৰ তদন্তৰ নিৰ্দেশ দিছে কেৰালাৰ কংগ্ৰেছ নেতৃত্বাধীন UDF চৰকাৰে। দেওবাৰে, ৪ অক্টোবৰত কেৰালাৰ গৃহমন্ত্ৰী ৰমেশ চেন্নিথালাই ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখা (VACB)ৰ সঞ্চালক মনোজ আব্ৰাহামক এই তদন্তৰ নিৰ্দেশ দিয়ে।

২০০৬ চনত কি হৈছিল?

জ্ঞানেশ কুমাৰ সেই সময়ত কেৰালাৰ গড়কাপ্তানি বিভাগৰ (PWD) সচিব আছিল। তেওঁৰ কাৰ্যকালত বিশ্ব বেংকৰ সাহায্যৰে ২১৫ কোটি টকা ব্যয়ৰে কেৰালা ষ্টেট ট্ৰেন্সপৰ্ট প্ৰজেক্ট (KSTP)ৰ অধীনত MC ৰোড (আংগামালিৰ পৰা তিৰুৱনন্তপুৰমলৈ) পুনৰ নিৰ্মাণৰ কাম চলি আছিল। এই কামৰ ঠিকা লাভ কৰিছিল ভাৰত-মালয়েছিয়াৰ যৌথ কোম্পানী PATI-BEL কনচৰ্টিয়ামে।

অভিযোগ অনুসৰি, কোম্পানীটোৰ প্ৰায় ১২-১৩ কোটি টকাৰ বিল উদ্দেশ্যপ্ৰণোদিতভাৱে আটকাই ৰখা হৈছিল আৰু উৎকোচ বিচৰা হৈছিল। ইয়াৰ ফলত প্ৰকল্পত বহু পলম হয় আৰু চৰকাৰী কোষৰ বৃহৎ লোকচান হয়।

মালয়েছিয়ান অভিযন্তাৰ ৰহস্যজনক মৃত্যু:

unimex

এই ঘটনাৰ আটাইতকৈ চাঞ্চল্যকৰ দিশটো হ’ল মালয়েছিয়াৰ মুখ্য অভিযন্তা লী ছি বীনৰ মৃত্যু। ২০০৬ চনৰ নৱেম্বৰত তেওঁ কুৱালালামপুৰত আত্মহত্যা কৰে। তেওঁৰ পৰা দুখন ছুইছাইড নোট উদ্ধাৰ হৈছিল – এখন পত্নীলৈ আৰু আনখন কোম্পানীৰ সঞ্চালকলৈ লিখা। দুয়োখন নোটতে তেতিয়াৰ PWD সচিব জ্ঞানেশ কুমাৰৰ নাম স্পষ্টকৈ উল্লেখ আছিল বুলি অভিযোগ উঠিছে।

সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী ভি.এছ. অচ্যুতানন্দনে জ্ঞানেশ কুমাৰক PWD সচিবৰ পদৰ পৰা আঁতৰাই দিছিল যদিও ভিজিলেন্সৰ প্ৰাৰম্ভিক তদন্ত বাহ্যিক হেঁচাত বন্ধ হৈ যায়।

এতিয়া কিয় পুনৰ তদন্ত?

KPCC নেতা মালয়িনকীজু ভেনুগোপালে শনিবাৰে এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰাৰ পিছত গৃহমন্ত্ৰীয়ে এই পদক্ষেপ লয়। তেওঁ কয়, “বাহ্যিক হেঁচাত তদন্ত বন্ধ হোৱাৰ অভিযোগ অতি গুৰুতৰ। সেয়েহে বিস্তাৰিত তদন্ত প্ৰয়োজন।” এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ভি.ডি. সতীশনৰ সৈতেও আলোচনা কৰা হৈছে। গৃহ বিভাগে ২০০৬ৰ সকলো ফাইল আৰু ক্ৰাইম ব্ৰাঞ্চৰ প্ৰতিবেদন বিচাৰিছে।

ৰাজনৈতিক তাৎপৰ্য:

বৰ্তমান দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR)ক লৈ কংগ্ৰেছ আৰু বিৰোধী দলসমূহে CEC জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী কৰি আন্দোলন চলাই থকাৰ সময়তে কেৰালা চৰকাৰৰ এই পদক্ষেপে ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন খলকনিৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »