“কেৱল ক্ৰেডিটৰ ৰাজনীতি!” – অখিল গগৈক মুখ্যমন্ত্ৰীৰ কটাক্ষ
বানপীড়িতৰ সাহায্যৰ দাবীত বিধায়ক অখিল গগৈয়ে চলাই থকা প্ৰতিবাদক লৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
আজি দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “চৰকাৰে বানপীড়িতক সাহায্য দিয়াৰ কথা আগতেই ঘোষণা কৰিছে। অখিল গগৈয়ে কেৱল ক্ৰেডিট ল’বলৈহে এই নাটক কৰিছে।”
বিধায়কগৰাকীৰ অনশনক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, “অখিলৰ লগত মোৰ সদায় কথা-বতৰা হৈ থাকে। তাৰ পিছতো মোক লগ কৰিবলৈ এনেকৈ আঁকোৰগোঁজ হৈ থকাৰ কি প্ৰয়োজন?”
CJPক মুখ্যমন্ত্ৰীৰ কটাক্ষ:

অসমৰ বিদ্যালয় পৰিদৰ্শন কৰা CJP (Citizens for Justice and Peace)ক লৈও সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী।
তেওঁ কয়, “স্কুলৰ শৌচাগাৰ, প্ৰস্ৰাৱগাৰ চাফা কৰাটো মুখ্যমন্ত্ৰীৰ কাম নহয়। সেইটো স্কুল কৰ্তৃপক্ষ, স্থানীয় ৰাইজ আৰু অভিভাৱকৰ দায়িত্ব।”
CJPয়ে বিজেপিৰ জনপ্ৰিয়তা কমাব নোৱাৰে বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয়, “নগাঁৱৰ দৰে ঠাইতো আগতে য’ত মানুহে বিজেপিক ভোট দিয়া নাছিল, তাতো এতিয়া বিজেপিৰ জনপ্ৰিয়তা বাঢ়িছে। অসমত CJPৰ কোনো অস্তিত্বই নাই। তেওঁলোকে আলোচনা কৰিব বিচাৰিলেও মোৰ হাতত সময় নাই।”
সংবাদ মাধ্যমকো সমালোচনা কৰি তেওঁ কয় যে চৰকাৰে নতুন স্কুল বনালে মিডিয়াই প্ৰচাৰ নকৰে, কিন্তু গাঁৱৰ মানুহে যে স্কুলবোৰ উন্নত হৈছে সেই কথা ভালদৰে জানে।