Your Mic Your Voice

বানপীড়িতক ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ, ৰাইজৰ দলৰ নেতাক আটক

0

গুৱাহাটীঃ ১৯ জুলাইত সংঘটিত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবীত গুৱাহাটীত ৰাইজৰ দলে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদস্থলীৰ পৰাই ৰাইজৰ দলৰ কেইবাগৰাকীও নেতা-কৰ্মীক অসম আৰক্ষীয়ে আটক কৰে।

আটক কৰা লোকসকলৰ ভিতৰত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক চিন্ময় বড়া, ধৈৰ্য কোঁৱৰ, ৰাছেল হুছেইন, হুছেইন মহম্মদ ছাহজাহান, জ্ঞানশ্ৰী বৰা আৰু সম্পাদক অনিল বড়ো আছে। ইয়াৰ উপৰি জাতীয় যুৱ বাহিনীৰ মৃণাল বড়া আৰু অভিজিত গগৈকো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

unimex

১৯ জুলাইৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ, পুনৰ সংস্থাপন আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ উচিত মূল্যায়নৰ দাবীত দলটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বানপীড়িত লোকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰৰ তৎকালীন হস্তক্ষেপ দাবী কৰে।

প্ৰতিবাদৰ সময়তে আৰক্ষীয়ে ৰাইজৰ দলৰ নেতা-কৰ্মীসকলক আটক কৰি লৈ যায়।

ৰাইজৰ দলৰ অভিযোগ, বানত ক্ষতিগ্ৰস্ত বহু পৰিয়ালে এতিয়াও পৰ্যাপ্ত সহায় লাভ কৰা নাই। আনহাতে, প্ৰতিবাদৰ সময়ত আৰক্ষীৰ পদক্ষেপক লৈও দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »