Your Mic Your Voice

নগাঁৱত বিজেপিৰ প্ৰচাৰ অভিযান তুংগত

0

নগাঁও: আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই ধিং সমষ্টিৰ শনি চৰ আৰু লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত চিতলমাৰি চৰত সৰ্বমুঠ তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। সভাত উপস্থিত থাকি লাহৰিঘাট সমষ্টিক বাপ-দাদাৰ পৰা উদ্ধাৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ জয়যাত্ৰাৰ লগত চামিল হ’বলৈ আহ্বান জনায়। মন্ত্ৰী হাজৰিকাই কয় যে বাপ-দাদাৰ দলে চৰৰ ছোৱালীক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখাৰ লগতে দুখীয়া ভূমিহীন মানুহক মাটিৰ পট্টাও নিদিলে, দিলে মাত্ৰ ডি-ভোটাৰ। চৰৰ সমস্যাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই চৰত হাইস্কুল আৰু মেডিকেল নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। সভাত হাজাৰ হাজাৰ মানুহৰ স্বতস্ফুৰ্ত সঁহাৰি দেখি কয় যে এনডিএ প্ৰাৰ্থী দেৱাশীষ শৰ্মা এই নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত জয়যুক্ত হ’ব আৰু কংগ্ৰেছ তৃতীয় স্থানতে থাকিব বুলিও কংগ্ৰেছক কটাক্ষ কৰে।

ৰহা সমষ্টিৰ বেবেজীয়া ৰংগ মঞ্চত অনুষ্ঠিত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু দলটোৰ কাৰ্যকৰী সভাপতি তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই ভাগ লয়। চামগুৰি সমষ্টিৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লোৱাৰ উপৰিও গড়জান মণ্ডলৰ নিৰ্বাচনী কাৰ্যালয়ো উদ্বোধন কৰে।

unimex

ইফালে, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি মৰিগাঁও টাউন মণ্ডল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে মৰিগাঁও সমষ্টিৰ দন্দুৱা ভূৰবন্ধা মণ্ডল আৰু কপিলী দলংঘাট মণ্ডলৰ অন্তৰ্গত শক্তিকেন্দ্ৰ আৰু বুথৰ সভাত ভাগ লয়। ইয়াৰ উপৰিও মৰিগাঁও জিলাৰ অন্তৰ্গত প্ৰতিটো মণ্ডলৰ অন্তৰ্গত বুথ সমূহত নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে যুৱ আৰু মহিলা মৰ্চাৰ কাৰ্যকৰ্তা সকলে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ।

এনডিএ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই আজি নগাঁও-বটদ্ৰৱা সমষ্টিৰ প্ৰায় ২০ টা স্থানত সভা অনুষ্ঠিত কৰাৰ লগতে ৰাইজৰ সৈতে মতবিনিময় কৰে । আনহাতে ভাৰতীয় জনতা যুৱ মৰ্চাই নগাওঁ জিলাৰ নগাওঁ বটদ্ৰৱা, ৰহা, চামগুৰি, ৰূপহীহাত আৰু ধিং বিধান সভা সমষ্টিত ৩৭ খন চোতাল আৰু চৰাঘৰ বৈঠক অনুষ্ঠিত কৰে। অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা নগাঁও জিলাৰ উদ্যোগত উপ-নিৰ্বাচন উপলক্ষে ১৪ টাকৈ মণ্ডলত মণ্ডল সভাপতি আৰু মণ্ডলৰ পৰা বুথত নিয়োজিত প্ৰভাৰী সকল, মণ্ডলত নিয়োজিত জিলাৰ প্ৰভাৰী আৰু ৰাজ্যিকৰ প্ৰভাৰী সকলৰ উপস্থিতিত আদিকে ধৰি মুঠ ৫৪ খন চোতাল বৈঠক অনুষ্ঠিত কৰে। তেনেকৈ মহিলা মৰ্চায়ো চামগুৰি মণ্ডলৰ অন্তৰ্গত কেবাটাও বুথত চোতাল বৈঠক অনুষ্ঠিত কৰে ।

Leave A Reply

Your email address will not be published.

Translate »