বিহালীত মাইক্ৰ’ফাইনেন্সৰ ঋণৰ বোজাত মহিলাৰ ৰহস্যজনক মৃত্যু
বিহালী: বিহালীৰ নতুন চেৰেলীয়া বঙালী গাঁৱত শুকুৰবাৰে পুৱা এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। মৃত মহিলাগৰাকী শুকুৰ মণি বিৰ্জা (৩৭) বুলি জানিব পৰা গৈছে।
স্থানীয় সূত্ৰৰ তথ্য অনুসৰি, মহিলাগৰাকী পাঁচটাকৈ মাইক্ৰ’ফাইনেন্স কোম্পানীৰ ঋণত ডুবি আছিল। ঋণৰ কিস্তি পৰিশোধক লৈ দীৰ্ঘদিন ধৰি মানসিক চাপত থকাৰ কথাও জানিব পৰা গৈছে। এই ঋণৰ বোজাৰ বাবেই মহিলাগৰাকীয়ে চৰম সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে বিহালী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।