মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিবলৈ দাবী কংগ্ৰেছৰ
গুৱাহাটী: দেশৰ গণতন্ত্ৰ, সংবিধান আৰু সংসদীয় নিৰ্বাচনী ব্যৱস্থাক ধ্বংস কৰাৰ অভিযোগ তুলি ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ তাৎক্ষণিক বৰ্খাস্ত আৰু সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনাইছে কংগ্ৰেছে। শিলচৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সংবাদমেলত অংশগ্ৰহণ কৰি প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰা আৰু এআইচিচিৰ সম্পাদক পৃথ্বীৰাজ সাথেই মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে কোটি কোটি প্ৰকৃত নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
সংবাদমেলত ৰিপুন বৰাই কয় যে সমগ্ৰ বিশ্বই ভাৰতক সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি আৰু সন্মান জনায়, কিন্তু বৰ্তমান দেশৰ নিৰ্বাচনী ব্যৱস্থাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সন্তুষ্ট কৰাৰ লক্ষ্যৰে গেৰুৱাকৰণ কৰা হৈছে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পূৰ্বতেই মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পাছত কেনেদৰে নিৰ্বাচন আয়োগৰ সহযোগত ভোট চুৰি কৰি চৰকাৰ গঠন কৰা হৈছিল, সেই কথা তথ্যসহকাৰে ৰাজহুৱা কৰিছিল। ১৯৯৫ চনৰ উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায় আৰু ২০২৩ চনৰ নিৰ্বাচন আয়োগ সংশোধনী বিধিৰ ১৮ নম্বৰ দফা অনুসৰি নিৰ্বাচন আয়োগৰ তিনিওগৰাকী আয়ুক্তৰে ক্ষমতা আৰু মৰ্যাদা সমান আৰু যিকোনো নীতিগত সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে বা সংখ্যাগৰিষ্ঠতাৰ ভিত্তিতহে গ্ৰহণ কৰিব লাগে।

কংগ্ৰেছ দলে চাৰিটা মূল দাবী উত্থাপন কৰে। প্ৰথমতে, দেশৰ সংবিধান আৰু গণতন্ত্ৰ ধ্বংস কৰাৰ অপৰাধত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অনতিপলমে পদৰ পৰা বৰ্খাস্ত কৰিব লাগিব। দ্বিতীয়তে, উচ্চতম ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ নেতৃত্বত এই সমগ্ৰ কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰি কাৰ নিৰ্দেশত এনে ধ্বংসকাৰী কাৰ্যকলাপ সংঘটিত হৈছে সেয়া উদঙাই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। তৃতীয়তে, দেশজুৰি চলোৱা বেআইনী এছআইআৰ প্ৰক্ৰিয়া তৎকালীনভাৱে বাতিল কৰি পূৰ্বৰ পদ্ধতিৰে নিকা ভোটাৰ তালিকা পুনৰ বাহাল কৰিব লাগিব। চতুৰ্থতে, আন দুগৰাকী নিৰ্বাচন আয়ুক্তই দাখিল কৰা ১৪ টা আপত্তি আৰু ভিন্নমত সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰি সমগ্ৰ তথ্য দেশবাসীৰ আগত দাঙি ধৰিব লাগিব। ইয়াৰ উপৰিও এনে অবৈধ পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰি বিজেপি বিজয়ী হোৱা মহাৰাষ্ট্ৰ, বিহাৰ, দিল্লী, পশ্চিমবংগ আদি ৰাজ্যৰ নিৰ্বাচন বাতিল কৰি পুনৰ নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰো দাবী জনায় দলটোৱে। একেদৰে অসমৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনতো ব্যাপক ভোট চুৰি আৰু ইভিএম কাৰচাজি সংঘটিত হোৱাৰ অভিযোগ তুলি ৰিপুন বৰাই কয় যে এই অনিয়মৰ বিৰুদ্ধে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছে আৰু অহা ৪ নৱেম্বৰত ইয়াৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত শুনানি অনুষ্ঠিত হ’ব, যাৰ বাবে অসমৰ নিৰ্বাচনী ফলাফলৰ ওপৰতো এক উচ্চস্তৰীয় তদন্ত হ’ব লাগে।