নগাঁও লোকসভা সমষ্টিৰ উপ -নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ যাদৃচ্ছিকীকৰণ সম্পন্ন
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সৈতে জড়িত ইভিএমসমূহৰ দ্বিতীয় পৰ্যায়ৰ যাদৃচ্ছিকীকৰণ ২২ ছেপ্টেম্বৰত নগাঁৱত অনুষ্ঠিত হয়। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই যাদৃচ্ছিকীকৰণ প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন কৰা হয়।

উল্লেখযোগ্য যে, ইভিএমসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন নিৰ্বাচনী জিলাতে ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক ইভিএমসমূহ পৃথকীকৰণৰ কাম চলি আছে। এই প্ৰক্ৰিয়া আজি সম্পূৰ্ণ কৰা হয়। ভোটগ্ৰহণৰ বাবে ইভিএমসমূহ প্ৰস্তুতকৰণৰ কাম ২৯ ছেপ্টেম্বৰ, ২০২৬ৰ পৰা আৰম্ভ কৰা হ’ব।