মেঘালয়ত নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ, কেইবাজনো যাত্ৰী আহত
মেঘালয়ৰ টিক্ৰিকিল্লাত নিশা যাত্ৰীবাহী নৈশ বাছক লক্ষ্য কৰি দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা কেইবাখনো নৈশ বাছত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে।
জানিব পৰা মতে, নিশা টিক্ৰিকিল্লা অঞ্চলত বাছকেইখন গৈ থকা সময়তে দুৰ্বৃত্তই হঠাতে শিলগুটি নিক্ষেপ কৰে। শিলগুটিৰ আঘাতত বাছৰ কেইবাখনো খিৰিকীৰ গ্লাছ ভাঙি যায়। ঘটনাত বাছত থকা কেইবাজনো যাত্ৰী আহত হয়। আহতসকলৰ কেইজনমানৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ পাছতে বাছৰ চালকসকলে টিক্ৰিকিল্লা আৰক্ষীক বিষয়টো অৱগত কৰে। খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই আক্ৰমণৰ সৈতে জড়িত দুৰ্বৃত্তসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ঘটনাটোক কেন্দ্ৰ কৰি যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে আক্ৰমণৰ আঁৰত কোন জড়িত আৰু কিয় নৈশ বাছসমূহক লক্ষ্য কৰি শিল নিক্ষেপ কৰা হৈছিল, সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে।