বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সমদল
বিশ্বনাথ জিলা সদৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে বিশ্বনাথ জিলা ছাত্ৰ সন্থা আৰু বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা সন্থাৰ সহযোগত ড্ৰাগছ বিৰোধী সজাগতা সমদল উলিওৱা হয় ।
উক্ত সমদলত ড্ৰাগচৰ বেয়া প্ৰভাৱৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি আৰক্ষীক আৰু অধিক কঠোৰ হাতেৰে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰী সকলক দমন কৰিবৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনায় ।

অন্যথা অনাগত সময়ত চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি জনায় ।
লগতে অভিভাৱক সকলক উদ্দেশ্যি কয় যে এই ড্ৰাগছৰ পৰা নিজৰ সন্তানক দূৰত ৰাখক আৰু ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে জ্ঞান দি নিজৰ সন্তানক ৰক্ষা কৰক l