সমাগমক লৈ গুৱাহাটী আৰক্ষীৰ সতৰ্কবাণী
গুৱাহাটীঃ সামাজিক মাধ্যমযোগে গুৱাহাটীত বৃহৎ সংখ্যক লোকক সমবেত হ’বলৈ জনোৱা এক আহ্বান সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে এনে কোনো বৃহৎ সমাগমৰ বাবে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে কোনো পক্ষৰ পৰা অনুমতি বিচাৰি আবেদন লাভ কৰা নাই।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, যিকোনো ৰাজহুৱা কাৰ্যসূচী অথবা বৃহৎ জনসমাগম আয়োজনৰ ক্ষেত্ৰত প্ৰযোজ্য আইন আৰু বিধি অনুসৰি সংশ্লিষ্ট পক্ষই আগতীয়াকৈ অনুমতি লোৱাটো বাধ্যতামূলক।

সেয়ে সামাজিক মাধ্যমযোগে প্ৰচাৰিত অনুমতিবিহীন কোনো কাৰ্যসূচী বা সমাগমত অংশগ্ৰহণ নকৰিবলৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৰাইজক আহ্বান জনাইছে।
আৰক্ষীয়ে লগতে এনে কোনো আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ পূৰ্বে কাৰ্যসূচীটোৰ বৈধতা আৰু প্ৰয়োজনীয় অনুমতি লাভ কৰা হৈছে নে নাই, সেই বিষয়ে নিশ্চিত হ’বলৈ ৰাইজক আহ্বান জনাইছে।