বেংকলৈ যোৱাৰ আগতে ভাৱি চাওঁক! বন্ধও থাকিব পাৰে
নতুন দিল্লীঃ বেংকলৈ যোৱাৰ পৰিকল্পনা কৰা গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীসকলে ধৰ্মঘটৰ কাৰ্যসূচী ঘোষণা কৰাত আগন্তুক দিনত দেশজুৰি বেংকিং সেৱা ব্যাহত হোৱাৰ আশংকাৰ সৃষ্টি হৈছে।
ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে বেংক কৰ্মচাৰীসকলৰ দাবী পূৰণ নকৰিলে ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ধৰ্মঘট কৰাৰ হুংকাৰ দিছে। ইয়াৰ ফলত বেংকৰ শাখা সেৱাৰ লগতে নগদ ধন উলিওৱা, জমা কৰা আৰু অন্যান্য বেংকিং সেৱাতো প্ৰভাৱ পৰিব পাৰে।

বেংক কৰ্মচাৰীসকলৰ অন্যতম দাবী হৈছে সপ্তাহত দুদিন বেংক বন্ধ ৰখা। ইয়াৰ উপৰি সেৱাৰ সৈতে সংযুক্ত কৰ্মচাৰীসকলৰ বাবে উদগণিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন কৰিছে বেংক ইউনিয়নে। ইউনিয়নৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে মানি নল’লে আন্দোলন অধিক তীব্ৰ কৰাৰ ইংগিত দিছে কৰ্মচাৰী সংগঠনসমূহে।
ধৰ্মঘটৰ সময়ছোৱাত বেংকৰ শাখাসমূহ বন্ধ থকাৰ লগতে ATM আৰু অন্যান্য ডিজিটেল বেংকিং সেৱাতো পৰোক্ষ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অৱশ্যে ATM সেৱা সম্পূৰ্ণৰূপে বন্ধ হ’ব নে নহয়, সেয়া সংশ্লিষ্ট বেংক আৰু সেৱা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব।
সেয়েহে গ্ৰাহকসকলক ধৰ্মঘটৰ দিনসমূহৰ কথা মনত ৰাখি বেংকিং সম্পৰ্কীয় জৰুৰী কাম আগতীয়াকৈ সম্পন্ন কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।