প্ৰানৰ শিল্পী নোহোৱা হোৱাৰ এটা বছৰ: জুবিন ক্ষেত্ৰত তিনিদিনীয়া অনুষ্ঠান
গুৱাহাটীঃ সংগীত জগতৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ এটা বছৰ হ’ল । সেয়েহে ১৭ ছেপ্টেম্বৰৰ পৰা জুবিন ক্ষেত্ৰত অনুষ্ঠিত হ’ব তিনিদিনীয়া বিশেষ স্মৰণ অনুষ্ঠান। ১৯ ছেপ্টেম্বৰত দিনজোৰা ভাগৱত নাম আৰু অন্যান্য ধৰ্মীয় কাৰ্যসূচীৰ লগতে সন্ধিয়া অনুষ্ঠিত হ’ব বিশেষ ভাওনা।
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বুধবাৰে সংবাদ মাধ্যমৰ আগত অনুষ্ঠানৰ কাৰ্যসূচী সন্দৰ্ভত বিভিন্ন তথ্য সদৰী কৰে। তেওঁ জানিবলৈ দিয়ে যে ১৭ ছেপ্টেম্বৰত ‘জুবিন দিৱস’ উপলক্ষে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী বিয়লি প্ৰায় ৫ বজাৰ পৰা ৫.৩০ বজালৈ চলিব।

গৰিমাই কয় যে জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইচ্ছা কৰা যিকোনো লোকে নিজৰ সুবিধা আৰু বিশ্বাস অনুসৰি জুবিন ক্ষেত্ৰলৈ আহিব পাৰিব। কোনোবাই প্ৰাৰ্থনা কৰিব পাৰে, কোনোবাই গান গাব পাৰে, বাদ্যযন্ত্ৰ বজাব পাৰে অথবা নিজৰ ধৰণেৰে প্ৰয়াত শিল্পীগৰাকীক স্মৰণ কৰিব পাৰে।
১৮ ছেপ্টেম্বৰত পুৱা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হ’ব সাংস্কৃতিক কাৰ্যসূচী। পুৱাৰ পৰা চলিবলগীয়া বিভিন্ন অনুষ্ঠান সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত সামৰণি পৰিব বুলি গৰিমা শইকীয়া গাৰ্গে জানিবলৈ দিয়ে।
জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ মূল দিন ১৯ ছেপ্টেম্বৰত দিনজোৰাকৈ অনুষ্ঠিত হ’ব ভাগৱত নাম আৰু অন্যান্য ধৰ্মীয় কাৰ্যসূচী। জুবিনক স্মৰণ কৰি ভক্তি আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দিনটোৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰা হৈছে।